২০১৯ চনৰ ১৭ মাৰ্চৰ পৰা বন্ধ অৱস্থাত আছে ৰাজ্যৰ দুটা কাগজ কল কাছাৰ আৰু নগাঁও কাগজ কল। সুদীৰ্ঘ ৫৬ মাহৰ পৰা বন্ধ আছে কাগজ কল দুটাৰ কৰ্মচাৰীৰ প্ৰাপ্য দৰমহা। এই ৫ বছৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বিভিন্নভাৱে কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ বহু প্ৰতিশ্ৰুতি দিছিল।
কিন্তু সকলো প্ৰতিশ্ৰুতিৰ অন্ত পেলাই বিগত ১ জুন দেশৰ লিকুইডেটৰ কুলদীপ বাৰ্মাই জাৰি কৰে কাগজ কল দুটাৰ নিলামৰ জাননী ৷ আৰু ছেপ্টেম্বৰত লিকুইডেটেডৰ কুলদীপ বাৰ্মাই এই কৰ্মচাৰীসকলৰ আৱাস গৃহ খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ৫৬ মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত এই কৰ্মচাৰীসকলৰ ওপৰত এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি পৰিছে জাননী ।
ইপিনে, এই জাননী পোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে হাইলাকান্দি জিলাৰ পাচগ্ৰামত থকা কাছাৰ কাগজ কলত ৷ ৰাতিপুৱাৰ পৰাই কাগজ কলৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে। কোনোপধ্যেই আৱাস গৃহ খালী নকৰাৰ হুংকাৰ প্ৰদান কৰিছে কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে ৷ প্ৰাপ্য দৰমহা আদায় দিলেহে খালী কৰিব আৱাস গৃহ ৷ অন্যথা পৰিস্থিতি ভয়াৱহ হ'ব বুলিও সকীয়াই দিয়ে কৰ্মচাৰীসকলে ৷ উল্লেখ্য বৰ্তমানে প্ৰায় দুই শতাধিক কৰ্মচাৰীৰ পৰিয়াল বসবাস কৰি আছে কাছাৰ কাগজ কলৰ আৱাসিক গৃহসমূহত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|