মুখ্যপৃষ্ঠা »খবৰ »অসম »'প্ৰাপ্য আদায় দিয়ক, ১৫ দিন নালাগে ১৫ মিনিটত খালী কৰি দিম আৱাস গৃহ', কাছাৰৰ লগতে নগাঁওতো প্ৰতিবাদ কাগজ কল কৰ্মচাৰীৰ

'প্ৰাপ্য আদায় দিয়ক, ১৫ দিন নালাগে ১৫ মিনিটত খালী কৰি দিম আৱাস গৃহ', কাছাৰৰ লগতে নগাঁওতো প্ৰতিবাদ কাগজ কল কৰ্মচাৰীৰ

প্ৰতিবাদক লৈ দিল্লীৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

প্ৰতিবাদক লৈ দিল্লীৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

প্ৰতিবাদক লৈ দিল্লীৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:

৫৬ মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ অহাৰ পিছত এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি কাগজ কলৰ কৰ্মচাৰীলৈ জাননী প্ৰেৰণ লিকুইডেটেডৰ কুলদীপ বাৰ্মাৰ ৷ ১৫ দিনৰ ভিতৰত আবাস গৃহ খালী কৰিবলৈ প্ৰেৰণ কৰিছে এই জাননী ৷ ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জাগীৰোডৰ নগাঁও কাগজ কলত ৷ কোনো পধ্যেই আবাস গৃহ খালী নকৰাৰ হুংকাৰ কৰ্মচাৰী আৰু পৰিয়ালৰ ৷ প্ৰাপ্য দৰমহা আদায় দিলেহে খালী কৰিব আবাস গৃহ ৷ অন্যথা পৰিস্থিতি ভয়াৱহ হব বুলিও সকিয়াই দিয়ে কৰ্মচাৰীসকলে ৷ লিকুইডেটৰ কুলদীপ বাৰ্মাই প্ৰেৰণ কৰা জাননীৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় কাছাৰ কাগজ কলৰ লগতে জাগীৰোডৰ নগাঁও কাগজ কলতো ৷


কাগজ উৎপাদন চলি থকাৰ মাজতে ২০১৭ চনৰ ১৩ মাৰ্চত হঠাৎ বন্ধ কৰি দিয়া হৈছিল হিন্দুস্থান কাগজ নিগমৰ অধীনৰ নগাঁও কাগজ কল ৷ তেতিয়াৰে পৰা প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে কাগজ কলৰ কৰ্মচাৰীসকল ৷ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় দুই লাখ কৰ্মচাৰী নিয়োজিত হৈ থকা অসমৰ দুটাকৈ বৃহৎ কাগজ উৎপাদনৰ উদ্যোগ পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত বিভিন্ন দল সংগঠনৰ সহযোগত কাগজ কলৰ কৰ্মচাৰীয়ে ৰূপায়ণ কৰিছে বহু প্ৰতিবাদী কাৰ্যসূচী ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰেও বিভিন্ন সময়ত কল দুটা পুনৰোজ্জীৱিত কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও সেয়া কাৰ্যকৰী নহ’ল ৷


প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হোৱা কল দুটাৰ কৰ্মচাৰীৰ একপ্ৰকাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হ’ল ৷ বহু কৰ্মচাৰীয়ে দিন হাজিৰা কৰি পোহপাল দিবলগীয়া হৈছে নিজৰ পৰিয়াল ৷ ধনৰ অভাৱত বিনা চিকিৎসাই মৃত্যুক সাৱটিলে দুটাকৈ কাগজ কলৰ মুঠ ৯৩ গৰাকী কৰ্মচাৰীয়ে ৷ ইয়াৰে ৩ গৰাকী কৰ্মচাৰীয়ে বাছি লৈছে আত্মহত্যাৰ দৰে চৰম পথ ৷


কিন্তু তাৰ পিছতো কৰ্মচাৰী সকলৰ শেষ আশ্ৰয়স্থল আবাস গৃহ সমূহ খালী কৰি দিয়াৰ জাননীয়ে আচৰিত কৰি তুলিছে কৰ্মচাৰীসকলক ৷ জাননী প্ৰাপ্তিৰ পিছতে যথেষ্ট ক্ষোভ আৰু প্ৰতিবাদমুখৰ হৈ পৰে কৰ্মচাৰীসকল ৷ শনিবাৰে পুৱাৰে পৰা কলটোৰ মুখ্য প্ৰৱেশদ্বাৰত নগাঁও কাগজ কলৰ কৰ্মচাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নিজৰ প্ৰাপ্য আদায় নাপালে কোনোপধ্যেই আবাস গৃহ খালী নকৰাৰ হুংকাৰ দিয়ে কৰ্মচাৰী সকলৰ লগতে মহিলাসকলেও ৷


অৱশ্যে প্ৰাপ্য আদায় দিয়াৰ পিছত ১৫ দিন নালাগে ১৫ মিনিটত ঘৰ খালী কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ কিন্তু অনাদায় ধন দিয়াৰ পূৰ্বে যদিহে বলপূৰ্ব্বকভাৱে ঘৰ খালী কৰিবলৈ চেষ্টা কৰে তেনেহলে পৰিস্থিতি বিষম হ'ব আৰু ইয়াৰ বাবে চৰকাৰ দায়ী হ'ব বুলিও সকীয়াই দিয়ে ৷


আনহাতে কৰ্মচাৰীসকলৰ এই প্ৰতিবাদৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ কাগজ কলৰ কৰ্মচাৰীসকলৰ সৈতে চৰকাৰ সদায় আছে আৰু থাকিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এসপ্তাহৰ ভিতৰত প্ৰায় ৬০০ কোটি টকা মুকলি কৰি দিয়াৰ বাবে চৰকাৰ প্ৰস্তুত বুলিও মন্তব্য কৰে ৷ ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কৰ্মচাৰীসকলৰ কেইবালানি আলোচনা হোৱা বুলি সদৰী কৰি কৰ্মচাৰীসকলৰ মাজত থকা কিছু অসুবিধাৰ বাবেহে সেয়া সম্ভৱ হোৱা নাই বুলি মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ৷


ইফালে এইক্ষেত্ৰত দিল্লীৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয় যে আহিব লাগে চেক ল’ব লাগে আৰু ঘৰলৈ যাব লাগে । ১০০০ মানুহৰ ভিতৰত ৬৫০ কোটি টকা দিবলৈ প্ৰস্তুত চৰকাৰ । সদায় চৰকাৰী বিদ্যুতৰ খৰচত চৰকাৰী ঘৰত থাকিব নোৱাৰিব । ১০০ লোকক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা । ইয়াৰ পাছতো আন্দোলন কৰি থকাৰ যুক্তি নাই । তেওঁলোকেহে সিদ্ধান্ত ল’ব পৰা নাই । উল্লেখ্য যে কাগজ কল দুটাৰ আৱাসগৃহসমূহ খালি হোৱাৰ পিছত কাগজ কলৰ ভূমি চমজি ল'ব অসম চৰকাৰে ৷

শেহতীয়া বাতৰি