• Home
  • »
  • News
  • »
  • assam
  • »
  • Sarbananda Sonowal may join Modi Cabinet: মোদী কেবিনেটত কি দপ্তৰ লাভ কৰিব সৰ্বানন্দ সোণোৱালে? কোন কোন নতুন মন্ত্ৰীয়ে ল'ব শপত?

Sarbananda Sonowal may join Modi Cabinet: মোদী কেবিনেটত কি দপ্তৰ লাভ কৰিব সৰ্বানন্দ সোণোৱালে? কোন কোন নতুন মন্ত্ৰীয়ে ল'ব শপত?

আজি সন্ধিয়া ৬ বজাত প্ৰায় ৩৬ জন সাম্ভাব্য মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।

আজি সন্ধিয়া ৬ বজাত প্ৰায় ৩৬ জন সাম্ভাব্য মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।

আজি সন্ধিয়া ৬ বজাত প্ৰায় ৩৬ জন সাম্ভাব্য মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব।

  • Share this:
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দ্বিতীয়বাৰলৈ মোদী মন্ত্ৰীসভাত স্থান লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আজি সন্ধিয়া ৬ বজাত প্ৰায় ৩৬ জন সাম্ভাব্য মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। আৰু তাৰে ভিতৰত সৰ্বানন্দ সোণোৱালো অন্যতম। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো কাৰ্যকালত ক্ৰীড়া, দক্ষতা বিকাশ মন্ত্ৰণালয়ৰ দায়িত্ব লাভ কৰা সোণোৱালে এইবাৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। পিছে কি বিভাগ লাভ কৰিব সৰ্বানন্দ সোণোৱালে?

বিভিন্ন সূত্ৰৰ খবৰ অনুসৰি, সৰ্বানন্দ সোণোৱালে পেট্ৰ'লিয়াম দপ্তৰ লাভ কৰিব পাৰে। সেইদৰে কেন্দ্ৰীয় মন্ত্ৰীসভাত এক নতুন মন্ত্ৰণালয় সৃষ্টি কৰি সেইটো বিভাগো সোণোৱালৰ হাতত অপৰ্ণ কৰাৰ সম্ভাৱনা আছে। যদিও এনেধৰণৰ কথা ওলাই আছে, তথাপিও সময়তহে স্পষ্ট হৈ পৰিব সকলো।

আনহাতে সৰ্বানন্দ সোণোৱালৰ লগতে মোদী মন্ত্ৰীসভাত উত্তৰ পূবৰ পৰা প্ৰতিমা ভৌমিক (ত্ৰিপুৰা) আৰু ৰাজকুমাৰ ৰঞ্জন সিঙেও (মণিপুৰ) স্থান লাভ কৰিছে। সেইদৰে মন্ত্ৰী কিৰেণ ৰিজিজুক কেবিনেট মৰ্যাদা দিয়াৰ সম্ভাৱনা আছে।

আজি শপত ল’বলগীয়া লোক সকলৰ তালিকাঃ
১. নাৰায়ণ ৰাণে
২. সৰ্বানন্দ সোণোৱাল
৩. ডঃ বীৰেন্দ্ৰ কুমাৰ
৪. জ্যোতিৰাদিত্য সিন্ধিয়া
৫. ৰাম চন্দ্ৰ প্ৰসাদ সিং
৬. অশ্বিনী বৈষ্ণৱ
৭. পশুপতি কুমাৰ পাৰশ
৮. ভূপেন্দ্ৰ যাদৱ
৯. পংকজ চৌধৰী
১০. অনুপ্ৰিয়া সিং পাতিল
১১. এছ পি সিং বাঘেল
১২. ৰাজীৱ চন্দ্ৰশেখৰ
১৩. Shobha Karandlaje
১৪. ভানু প্ৰতাপ সিং বাৰ্মা
১৫. দৰ্শনা বিক্ৰম যাৰদশ
১৬. মীনাক্ষী লেখী
১৭. অন্নপূৰ্ণা দেৱী
১৮. এ নাৰায়ণস্বামী
১৯. কৌশল কিশোৰ
২০. অজয় ভাট
২১. বি এল বাৰ্মা
২২. অজয় কুমাৰ
২৩. চৌহান দেবুসিং
২৪. ভগৱন্ত খুবা
২৫. কঁপিল মুৰেশ্বৰ পাতিল
২৬. প্ৰতিমা ভৌমিক
২৭. সুভাষ চৰকাৰ
২৮. ভাগৱত কৃষ্ণৰাও কাৰাত
২৯. ৰাজকুমাৰ ৰঞ্জন সিং (মণিপুৰ)
৩০. ভাৰতী প্ৰবীণ পাৱাৰ
৩১. বিশ্বেশ্বৰ তুডু
৩২. শান্তনু ঠাকুৰ
৩৩. মুঞ্জপাৰা মহেন্দ্ৰ ভাই
৩৪. জন বাৰলা
৩৫. এল মুৰুগান
৩৬. নিশিত প্ৰামাণিক
Published by:Himangshu Bhuyan
First published: