২০০৫ চনত কংগ্ৰেছৰ আমোলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি হৈছিল৷ কংগ্ৰেছ চৰকাৰে নামকৰণ কৰিছিল ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান৷ যাক লৈ সেই সময়ৰ পৰাই চলি আহিছিল আপত্তি আৰু প্ৰতিবাদ৷ বিভিন্ন দল–সংগঠনে মানি লোৱা নাছিল ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামটো৷ চাহ জনগোষ্ঠীৰ অন্যতম জনগোষ্ঠী ওৰাং জনগোষ্ঠীয়েও দৰ্শাইছিল আপত্তি৷ বুধবাৰে কইনাধৰাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আঁতৰালে ৰাজীৱ গান্ধীৰ নাম৷
কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে পুৱাই টুইটযোগে ইয়াকে লৈ প্ৰকাশ কৰিলে আপত্তি৷ কংগ্ৰেছ চৰকাৰ পুনৰ শাসনলৈ আহিলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম আকৌ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰা হ'ব বুলি সাংসদ গগৈয়ে প্ৰকাশ কৰা মন্তব্যত লৈ জাঙুৰ খাই উঠিছে অসম প্ৰদেশ বিজেপি৷
সাংসদ গৌৰৱ গগৈক উভতি ধৰি বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই ক'লে, "দেশৰ বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানৰ নাম বিশিষ্ট ব্যক্তিসকলৰ নামত নামকৰণ কৰা হয়, কিন্তু দেশৰ সকলো অনুষ্ঠান–প্ৰতিষ্ঠান এটা পৰিয়ালৰ নামত হোৱাতো কোনেও নিবিচাৰে। যিদৰে ৰাজীৱ গান্ধী তাজমহল, ছোনিয়া গান্ধী কুটুবমিনাৰ হোৱাতো কংগ্ৰেছ দলে নিবিচাৰে ঠিক একেদৰে ৰাজীৱ গান্ধীৰ নামত ওৰাং, কাজিৰঙা, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নামকৰণ কৰাতো অসমৰ ৰাইজে নিবিচাৰে। প্ৰকৃত নাম ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছিল, কংগ্ৰেছ দলেহে ৰাজীৱ গান্ধীৰ নাম দিছিল। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা চাহ জনগোষ্ঠীৰ 'হামদেৰ মনেৰ কথা' অনুষ্ঠানত সকলোৱে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ আগৰ পৰা ৰাজীৱ গান্ধীৰ নাম প্ৰত্যাহাৰৰ পোষকতা কৰিছিল৷ বুধবাৰে কেবিনেটে ল'লে এই ভাল সিদ্ধান্ত৷’’
‘‘অসমত আৰু কংগ্ৰেছৰ চৰকাৰ নহয়। তেওঁ তৰুণ গগৈৰ পুত্ৰ হোৱা বাবেহে ৰাজনীতিত আছে। অসমৰ ৰাইজে পৰিয়ালকেন্দ্ৰীক ৰাজনীতি নিবিচাৰে। পেৰাছ্যুট লৈ নামি অহা ৰাজনীতিক গৌৰৱ গগৈ৷ তেওঁ আচলতে কলিয়াবৰৰ সাংসদ নহয়, ধিং আৰু ৰূপহীহাটৰহে সাংসদ। তেওঁ সেই অঞ্চলৰ মিঞা ভোট লৈহে জয়ী হৈছিল।" – ক’লে পৱিত্ৰ মাৰ্ঘেৰিটাই।
গৌৰৱ গগৈয়ে টুইটযোগে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া খুব কম বাক্যৰে প্ৰকাশ কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো। ক’লে – "ওৰাং এটা চাহ জনগোষ্ঠীৰ অন্যতম জনগোষ্ঠী৷ ইমান দিনে জনগোষ্ঠীটোৰ মাজত অসন্তুষ্টি আছিল৷ ৰাজীৱ গান্ধীৰ নাম আঁতৰাই দিয়াত জনগোষ্ঠীটোৱে সন্তোষ পাইছে৷"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|