দেশত শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ–ছাত্ৰীৰ সংখ্যা ত্ৰমান্বয়ে বৃদ্ধি হৈছে। বৰ্তমান শিক্ষাৰ মূল্য মানুহে বুজিছে আৰু ইয়াক প্ৰাধান্য দিয়ে। ল’ৰা–ছোৱালীৰ ভেদ নোহোৱাকৈ সকলোৱে বিদ্যালয়লৈ পঢ়িবলৈ যায়। এনে বহু শিক্ষাৰ্থী আছে যিয়ে উচ্চ শিক্ষাৰ বাবে দেশ–বিদেশৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। অসমৰ পৰাও এনে ছাত্ৰ–ছাত্ৰী আছে যিয়ে উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱা পৰিলক্ষিত হয়।
শেহতীয়াকৈ যুক্তৰাজ্যৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ব্যৱস্থাপনা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে অসমৰ এগৰাকী শিক্ষাৰ্থীয়ে। অসমৰ ধেমাজিৰ গোগামুখৰ হিমাশ্ৰী বৰুৱা নামৰ শিক্ষাৰ্থীয়ে স্নাতকোত্তৰ শিক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে। হিমাশ্ৰীক তেওঁৰ উপলব্ধিৰ বাবে কেবিমেট মন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমত অভিনন্দন জনায়।
ইয়াৰোপৰি, আন এক টুইটত ৰণোজ পোগুৱে উল্লেখ কৰে যে, ‘‘ধেমাজিৰ ১ নং লোথিয়া গাঁৱৰ নিবাসী সৰবেশ্বৰ চুতিয়া আৰু চাপোন ভূঞা চুতিয়াৰ জীয়ৰী হিমাশ্ৰীৰ কৃতিত্বই আমাক সকলোকে গৌৰৱান্বিত কৰিছে।’’ লগতে তেওঁ হিমাশ্ৰীৰ জীৱনৰ এক উজ্জ্বল ভৱিষ্যত কামনা কৰে।
Published by: Sehnaz Begum
First published: January 23, 2023, 13:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|