মুখ্যপৃষ্ঠা »খবৰ »অসম »Asom Natya Sanmilan : অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিৱেশনৰ লাইখুঁটা স্থাপন কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

Asom Natya Sanmilan : অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিৱেশনৰ লাইখুঁটা স্থাপন কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

অধিৱেশনৰ লগত সংগতি ৰাখি এখন গ্ৰন্থ আৰু বাণিজ্য মেলা ১৬ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব।

অধিৱেশনৰ লগত সংগতি ৰাখি এখন গ্ৰন্থ আৰু বাণিজ্য মেলা ১৬ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব।

  • Share this:

অসম নাট্য সন্মিলনৰ ৬১ সংখ্যক অধিৱেশনখন এইবাৰ বৰপেটাৰোডত ২০২৩ চনৰ ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব। এই উপলক্ষে আজি দিনৰ ২ বজাত বৰপেটাৰোডৰ জি এল চি কলেজ খেলপথাৰত লাইখুঁটা স্থাপন কৰা হয়।


লাইখুঁটা স্থাপন কৰে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উল্লেখ্য যে অধিৱেশনৰ বাবে কেইবাখনো খেলপথাৰ আৰু প্রেক্ষাগৃহ ব্যৱহাৰ কৰা হ'ব। সেই মর্মে জি এল চি কলেজ খেলপথাৰত পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি ডাঃ হীৰালাল কৰ্মকাৰে।


উক্ত অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ জি এম প্ৰণৱ জ্যোতি বৰ্মন উপস্থিত থাকে। আগন্তক নাট্য সন্মিলনত বৰপেটাৰোডত প্রদর্শনী আৰু নাট প্ৰতিযোগিতাৰ বাবে এক সুবিশাল প্রেক্ষাগৃহ, গ্ৰন্থ আৰু বাণিজ্য মেলা হ’ব বৰপেটাৰোড ষ্টেডিয়ামত।


ইয়াত থাকিব সাংস্কৃতিক অনুষ্ঠানৰ বাবে আন এখন মঞ্চ। গোপীনাথ বৰদলৈ হাইস্কুল খেলপথাৰত হ'ব পাৰ্কিঙৰ সুব্যৱস্থা। বৰপেটাৰোড সাহিত্য সভা ভৱনত হ’ব শিশু নাট প্রতিযোগিতা। লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহত মঞ্চস্থ হ’ব সংগীত নাট একাডেমী আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট বিদ্যালয়ৰ নাটসমূহ।


বৰপেটাৰোড ক্লাবত হ’ব অসম নাট্য সন্মিলনৰ সভা। আই এম এ ভৱনত হ’ব পঞ্জীয়ন আৰু আদৰণি পর্ব।এই অধিৱেশনৰ লগত সংগতি ৰাখি এখন গ্ৰন্থ আৰু বাণিজ্য মেলা ১৬ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। অহা ১৬-২২ জানুৱাৰীলৈ আয়োজিত অসম নাট্য সন্মিলনৰ ৬১ সংখ্যক বৰপেটাৰোড অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ সহযোগিতা কামনা কৰিছে অসম নাট্য সন্মিলনৰ ৬১ সংখ্যক বৰপেটাৰোড অধিৱেশনৰ সভাপতি পুলক চৌধুৰী, কার্যকৰী সভাপতি ডাঃ হীৰালাল কর্মকাৰ, সাধাৰণ সম্পাদকমণ্ডলীৰ জয়ন্ত কুমাৰ দাস, ভেৰু কুমাৰ শৰ্মা,অৰূপ কুমাৰ বায়নে।

শেহতীয়া বাতৰি