কেবিনেট মন্ত্ৰী যোগেন মহন নিজৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে। মন্ত্ৰীৰূপে দিন-ৰাতি ব্যস্ত হৈ থাকিবলগীয়া হোৱা সময়তে নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হোৱাটো সচাকৈ উদ্বেগৰ বিষয়। পিছে কাৰো পৰা কোনো ধৰণৰ ভাবুকি অহা নাই মন্ত্ৰীগৰাকীলৈ।
প্ৰকৃততে তিনিদিনমান পূৰ্বে যোগেন মহনৰ এজন দেহৰক্ষীৰ পিষ্টল কাঢ়ি লৈ গৈছিল দুৰ্বৃত্তই। এই ঘটনাৰ পিছতে নিজৰ দেহৰক্ষীক লৈ কিছু অসন্তুষ্ট হৈ পৰিছে মন্ত্ৰীগৰাকী। গৃহ বিভাগে প্ৰদান কৰা দেহৰক্ষীক লৈ প্ৰশ্ন মন্ত্ৰী গৰাকীৰ- নিজৰ অস্ত্ৰ সঠিক ভাৱে ৰাখিব নোৱৰা দেহৰক্ষীয়ে কিদৰে আনক দিব নিৰাপত্তা?
যোগেন মহনৰ দাবী সঠিক প্ৰশিক্ষণ থকা আৰু দক্ষ দেহৰক্ষী প্ৰদান কৰক মন্ত্ৰী-জনপ্ৰতিনিধিক।
উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ লগত থকা প্ৰসন্ন কলিতা নামৰ দেহৰক্ষীজনে তিনিদিনমান পূৰ্বে মন্ত্ৰীৰ ঘৰৰ পৰা কিবা কামত অকলেই ওলাই আহিছিল। সেই সময়ত তেওঁৰ লগত আছিল পিষ্টলটো। তেতিয়াই ৰাজপথত কোনো দুৰ্বৃত্তই আগচি ধৰি দেহৰক্ষীজনৰ পৰা কাঢ়ি নিয়ে পিষ্টলটো।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|