মুখ্যপৃষ্ঠা »খবৰ »অসম »বৰপেটাত উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘাল, নগৰ উন্নয়ন-পানী যোগানক লৈ আলোচনা ...

বৰপেটাত উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘাল, নগৰ উন্নয়ন-পানী যোগানক লৈ আলোচনা ...

মন্ত্ৰী অশোক সিংঘাল আজি বৰপেটাত উপস্থিত হয় ৷ মন্ত্ৰী গৰাকীয়ে বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৰপেটা জিলাৰ পাচখন পৌৰসভাৰ পৌৰপতি সকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগত এখন পৰ্যালোচনা সভাত মিলিত হয় ৷ 

  • Share this:
ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল আজি বৰপেটাত উপস্থিত হয় ৷ মন্ত্ৰী গৰাকীয়ে বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বৰপেটা জিলাৰ পাচখন পৌৰসভাৰ পৌৰপতি সকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগত এখন পৰ্যালোচনা সভাত মিলিত হয় ৷ বিশেষকৈ নগৰৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ সম্পৰ্কে আলোচনা কৰাৰ উপৰিও বিভিন্ন আঁচনি সম্পৰ্কে আলোচনা কৰে ৷ চহৰবোৰ কেনেকৈ চাফ চিকুন কৰি ৰাখিব পাৰি ৷ বৈজ্ঞানিক পদ্ধতিৰে ডাম্পিংগ্ৰাউণ্ড নিৰ্মানৰ বিষয়ে বিস্তৃত আলোচনা কৰা বুলি উল্লেখ কৰি অহা দিনত নগৰৰ অঞ্চলত  মুখ্য মন্ত্ৰী নেতৃত্বত নতুন ৰূপ দেখিবলৈ পাব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

আনহাতে বিগত কিছু বছৰ ধৰি বৰপেটা চহৰত পানী যোগানৰ বাবে কোনো আঁচনি নাই যদিও বৰপেটা চহৰৰ বাবে অমৃত আচনিৰ জৰিয়তে পৰিকল্পনা কৰি চহৰবাসী বিশুদ্ধ খোৱা পানী যোগান ধৰাও আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে পৌৰসভাৰ নতুন এছেচমেণ্ট সম্পৰ্কেও মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয় কৰ বৃদ্ধিৰ কোনো কথা অহা নাই ৷ ক'ত কৰ বৃদ্ধি কথা আহিছে বাতৰি কাকতত মই চালো যে কৰ বৃদ্ধিৰ কথা আহিছে ৷ কোনো বৃদ্ধিৰ কথা অহা নাই আমি এছেচমেণ্ট কৰি আছো যে পৌৰসভা সমুহত কিমান মানুহ আছে, কেইঘৰ মানুহ আছে আৰু তেওলোকৰ ঘৰৰ  চাইজ কি আছে সেইটোৰে তথ্য লৈ থকা বুলি  উল্লেখ কৰে ৷
ইপিনে মন্ত্ৰী গৰাকীয়ে কৰ সম্পৰ্কে স্পষ্ট মন্তব্য  কোনো ধৰনৰ কৰ বৃদ্ধিৰ প্ৰস্তাৱ চৰকাৰৰ হাতত নাই বৰ্তমান যিটো চলি আছে অকল এছেচমেণ্ট হে চলি আছে ৷ যোৱা ৫০ বছৰ ধৰি বহু পৌৰসভাত এছেচমেণ্ট হোৱা নাছিল ৷ পুৰ্বৰ এছেচমেণ্টৰ পিছত নতুনকৈ কিমান মানুহে ঘৰ সাজিছে আমি সেইটোৱে জনিব বিচাৰিছো বুলি উল্লেখ কৰ কয় যে কৰ বৃদ্ধি,  গেৰেজট কৰ লগাম, বাৰান্দাত কৰ লগাম এইবোৰ মানুহৰ মনে সজা কথা ৷
জলসিঞ্চনৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়  জলসিঞ্চনৰ বাবে জিলা মাষ্টাৰ প্লেন বনোৱাৰ বাবে আলোচনা হোৱা বুলি উল্লেখ কৰে ৷

শেহতীয়া বাতৰি