• Home
  • »
  • News
  • »
  • assam
  • »
  • Cabinet meeting outside Guwahati: ৰাজধানীৰ বাহিৰত কিয় কেবিনেট বৈঠক?মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ব্যাখ্যা

Cabinet meeting outside Guwahati: ৰাজধানীৰ বাহিৰত কিয় কেবিনেট বৈঠক?মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ব্যাখ্যা

ৰাজধানীৰ পৰা জিলা ব্লক পৰ্যায়লৈ প্ৰশাসনক নিয়াৰ প্ৰয়াসঃ মুখ্যমন্ত্ৰী

ৰাজধানীৰ পৰা জিলা ব্লক পৰ্যায়লৈ প্ৰশাসনক নিয়াৰ প্ৰয়াসঃ মুখ্যমন্ত্ৰী

ৰাজধানীৰ পৰা জিলা ব্লক পৰ্যায়লৈ প্ৰশাসনক নিয়াৰ প্ৰয়াসঃ মুখ্যমন্ত্ৰী

  • Share this:

ৰাজধানী দিছপুৰৰ বাহিৰত কিয় কেবিনেট বৈঠক? ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক বিৰোধীৰ সমালোচনা APCCৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷


প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ এই সমালোচনাৰ সমান্তৰালকৈ বিৰোধী AIUDFয়েও সমালোচনা কৰে ড° শৰ্মাৰ চৰকাৰক ৷ AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই কৈছিল এনেদৰে- “লাকজাৰী চৰকাৰ এইখন ৷ খাই ভাল পায় ৷ মুখ্যমন্ত্ৰীৰ বাহিৰে বেলেগ মন্ত্ৰীৰ কামেই নাই ৷ কাম নোহোৱা মন্ত্ৰী অৱশ্যে পিকনিক খোৱাবলৈ এনেদৰে গুৱাহাটীৰ বাহিৰত মুখ্যমন্ত্ৰীয়ে কেবিনেট পাতিছে ৷”


বিৰোধী কংগ্ৰেছ আৰু AIUDFৰ  এনে সমালোচনাৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে ৷ বঙাইগাঁৱত ৰাজধানীৰ বাহিৰত দ্বিতীয়খন কেবিনেট বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে কোন কোন কোন মুখ্যমন্ত্ৰীয়ে ৰাজধানীৰ বাহিৰত কেবিনেট বৈঠক আয়োজন কৰিছিল? তাৰ ব্যাখ্যা দিলে ৷


মুখ্যমন্ত্ৰীয়ে ক'লে- “১৯৫১ চনৰ ২৮ ডিচেম্বৰত ৰাজধানী শ্বিলঙৰ বাহিৰত গুৱাহাটীত কেবিনেট পাতিছিল বিষ্ণুৰাম মেধিয়ে ৷  ১৯৭১ চনত মহেন্দ্ৰমোহন চৌধুৰীয়ে শ্বিলঙৰ  বাহিৰত গুৱাহাটীত পাতিছিল কেবিনেট ৷ হিতেশ্বৰ শইকীয়াই দুখনকৈ কেবিনেট পাতিছিল বিমান বন্দৰত ৷ সৰ্বানন্দ সোণোৱালেও মাজুলীত পাতিছিল কেবিনেট ৷ এতিয়া আমি ধুবুৰীৰ পিছত দ্বিতীয়খন কেবিনেট পাতিছো বঙাইগাঁৱত ৷ তৃতীয়খন ৰাজধানীৰ বাহিৰত আয়োজন কৰা হৈছে হাফলঙত ৷ হাফলঙত জানুৱাৰীৰ পাঁচ তাৰিখে অনুষ্ঠিত হ'ব ।”


ৰাজধানীৰ বাহিৰত কেবিনেট বৈঠক আয়োজন কৰাৰ উদ্দেশ্য আৰু লক্ষ্য আছে মুখ্যমন্ত্ৰীৰ৷ সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে- “ৰাজধানীৰ পৰা প্ৰশাসন জিলা আৰু ব্ল'ক পৰ্যায়লৈ নিয়াৰ প্ৰচেষ্টা কৰা হৈছে ৷”


ৰাজধানীৰ বাহিৰত কেবিনেট বৈঠক আয়োজনৰ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে ক'লে- “মন্ত্ৰীসকলে পৰিদৰ্শন কৰিছে জিলাৰ চৰকাৰী আঁচনিসমূহ ৷ চৰকাৰী আঁচনিৰ অগ্ৰগতিৰ বুজ ল'ব পাৰিছে ৷ প্ৰতিজন মন্ত্ৰীয়ে কেবিনেটলৈ আহোঁতে এখন জিলা আৰু দিছপুৰলৈ উভতি যাওঁতে এখন জিলাৰ চৰকাৰী আঁচনিসমূহৰ বুজ ল'ব পাৰিছে ৷”


Assam News Today | News in Assamese | Latest News in Assamese
Published by:Gautam Barman
First published: