দুটাতকৈ অধিক সন্তান থাকিলে হ’ব নোৱাৰিব গাঁওবুঢ়া, চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী কৰ্মচাৰীৰ বাবেও সুখবৰ কেবিনেট বৈঠকত। নিৰ্দিষ্ট সময়ত টাইম স্কেলযোগে পাব পদ্দোন্নতি।

news18assam
Updated:June 3, 2019, 5:16 PM IST
দুটাতকৈ অধিক সন্তান থাকিলে হ’ব নোৱাৰিব গাঁওবুঢ়া, চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ
FILE PHOTO
news18assam
Updated: June 3, 2019, 5:16 PM IST
গাঁওবুঢ়াৰ নিযুক্তিৰ বয়স ২৫ বছৰলৈ হ্ৰাস কৰিছে ৰাজ্য চৰকাৰে। দুটাতকৈ অধিক সন্তান থকা লোকে কৰিব নোৱাৰিব গাঁওবুঢ়া পদৰ বাবে আবেদন। ৰাজ্যৰ চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। চৰকাৰী কৰ্মচাৰীৰ বাবেও সুখবৰ কেবিনেট বৈঠকত। নিৰ্দিষ্ট সময়ত টাইম স্কেলযোগে পাব পদ্দোন্নতি।

মানব সৰবহৰাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত। সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ ভূমি নীতি সংশোধন কৰিব চৰকাৰে। আনহাতে, ৬ স্বায়ত্তশাসিত পৰিষদৰ CEMৰ দৰমহা ১৬ হাজাৰৰ পৰা ৪৫ হাজাৰলৈ আৰু সদস্যৰ দৰমহা ৫ হাজাৰৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয় আজিৰ বৈঠকত। ৰাজ্যৰ বাহিৰত কৰ্মৰত অৱস্থাত শ্বহীদ হোৱা জোৱানলৈ ৰাজ্য চৰকাৰে ২০ লাখ টকাকৈ অনুদান আগবঢ়োৱাৰ বাবে নীতি গ্ৰহণ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি