உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সোণোৱাল চৰকাৰৰ মন্ত্ৰী গোটৰ বৈঠক, কি সিদ্ধান্ত ল’লে বৈঠকত? 

    সোণোৱাল চৰকাৰৰ মন্ত্ৰী গোটৰ বৈঠক, কি সিদ্ধান্ত ল’লে বৈঠকত? 

    NHMৰ অধীনৰ সকলো কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় মন্ত্ৰীগোটৰ বৈঠকত।

    NHMৰ অধীনৰ সকলো কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় মন্ত্ৰীগোটৰ বৈঠকত।

    NHMৰ অধীনৰ সকলো কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় মন্ত্ৰীগোটৰ বৈঠকত।

    • Share this:
    আজি অনুষ্ঠিত হয় সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠক। বৈঠকত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষাৰূপে স্বীকৃতি। এতিয়াৰে পৰা সহযোগী ভাষাৰূপে ব্যৱহৃত হ’ব বড়ো ভাষা।চৰকাৰী পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণত নাথাকিব সমস্যা। মাটিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়াভাৱে ক্ৰয় কৰিব পাৰিব মাটি।

    অসম মালা আঁচনিৰ সকলো পথ বহল হ’ব। দুটাকৈ সঞ্চালকালয় হব সমাজকল্যাণ বিভাগত। মহিলা আৰু শিশু কল্যাণ সঞ্চালকালয় আৰু সামাজিক, ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়। নাবাৰ্ডৰ পৰা ৯১ কোটি টকা ঋণ গ্ৰহণৰ বাবে অনুমোদন।

    NHMৰ অধীনৰ সকলো কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় মন্ত্ৰীগোটৰ বৈঠকত। চৰকাৰী কৰ্মচাৰীৰ সমানে এন এইচ এমৰ কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা। কোচ–ৰাজবংশী, মৰাণ, মটক পৰিষদৰ অন্তৰ্বৰ্তীকালীন পৰিষদ গঠনত অনুমোদন জনোৱা হয় এই বৈঠকত। বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ গঠনতো অনুমোদন।
    Published by:Sanjay Kumar Das
    First published: