মহানগৰীৰ শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত চকী-মেজৰ সলনি পাটিত বহি অনুষ্ঠিত কৰা হয় কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত সন্দৰ্ভত অৱগত কৰে।
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত :
সকলো গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱৰ পিছত ৭০০ টকা লাভ কৰিব ৷ আদৰণি সেৱাৰ সুবিধাৰ পৰিৱৰ্তে এই অনুদান আগবঢ়াব চৰকাৰে ৷
চাৰিশৰো অধিক শ্বহীদৰ পৰিয়ালে চৰকাৰী চাকৰি লাভ কৰিব ৷ ১৯৮৫ চনৰ পৰা অসম আৰক্ষীৰ শ্বহীদ পৰিয়ালৰ সদস্যই লাভ কৰিব চাকৰি ৷ অৱশ্যে এনে পৰিয়ালৰ যিসসকলে ইতিমধ্যে চাকৰি পাইছে, তেওঁলোকে এই সুবিধা নাপাব৷
মৈত্ৰী আঁচনিৰ অধীনত ১৬২খন আৰক্ষী থানা নিৰ্মাণ হ'ব, য'ত ৫২৩ কোটি টকা বিনিয়োগ হ'ব ৷ পলাশবাৰী থানাত ওপৰ মহলাত সকলো আৰক্ষীৰ পৰিয়াল থাকিব পৰাৰ ব্যৱস্থা কৰা হ'ব ৷
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অপচনেল বিষয় বিলুপ্তি ৷ সকলো বিষয়ত সামূহিক জ্ঞান থাকিব লাগিব ৷ পূৰ্বৰ দৰে ২টা বিশেষ বিষয় নাথকিব ৷
অসম চৰকাৰৰ চাকৰিত ২% এক্স ছাৰ্ভিচমেনৰ বাবে পদ সংৰক্ষণ ৷ ONGC আৰু APDCLৰ সহায়ত ২৫০ মেগাৱাট সৌৰশক্তি প্ৰকল্প স্থাপন ৷ ৪০ লাখ লোকক ৰেচন কাৰ্ড প্ৰদানৰ সিদ্ধান্ত ৷
বন বিভাগত এটা বেটেলিয়ান গঠন হ'ব, যত ১১ শ লৰা-ছোৱালীয়ে নিযুক্তি লাভ কৰিব৷ ১৭শ নতুন পদত অনুমোদন। দেৰগাঁও পুলিচ একাডেমীৰ নতুন নাম হ'ব লাচিত বৰফুকন একাডেমী।
শিক্ষা বিভাগত ৬ হাজাৰ পদৰ নতুন নিযুক্তিকৰণত অনুমোদন ৷ ৫০০ ঠিকাভিক্তিক আৰু বাকী সকলোবোৰ স্থায়ী ভিত্তিক ৷ ৩৬১ কোটি টকা BTRলৈ অনুমোদন ৰাজ্য চৰকাৰৰ ৷
চাফাই কৰ্মচাৰীৰ বাবে আয়োগ গঠন ৷ তেওঁলোকক দিবলগীয়া সন্মানৰ কথা চিন্তাচৰ্চা কৰিব আয়োগে। উল্লেখ্য, কেবিনেট বৈঠকৰ পিছত গান্ধীমণ্ডপত লাইট এণ্ড ছাউণ্ড প্ৰদৰ্শন কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|