কমলপুৰত স্থাপন হ’ব নেচনেল ফৰেনছিক বিশ্ববিদ্যালয়
কমলপুৰত স্থাপন হ’ব নেচনেল ফৰেনছিক বিশ্ববিদ্যালয়
ৰাজ্য চৰকাৰৰ আজিৰ কেবিনেট বৈঠকত ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। জনতা ভৱনত অনুষ্ঠিত সাপ্তাহিক কেবিনেট বৈঠকত লোৱা হয় এনে সিদ্ধান্ত-
-অসমৰ ২৬খন জিলাৰ বানৰ কবলত। কিন্তু ডিমা হাছাও, বৰাক, হোজাইৰ অৱস্থা অতি শোচনীয়। গতিকে এই ৩ জিলাক সৰ্বতোপ্ৰকাৰে সহায়ৰ সিদ্ধান্ত লোৱা হয়।
-লামডিঙৰ পৰা জাতিংগালৈ পথ কিছু নিৰ্মাণ কৰা হৈছে। ডিমা হাছাওলৈ খাদ্যসামগ্ৰী নিব পৰা হৈছে। ৪ মেট্ৰিকটন খাদ্য সামগ্ৰী দিয়া হৈছে জিলাখনক। সাহায্যৰ বাবে FCI খাদ্য সামগ্ৰী যোগানৰ বাবে সাজু।
-মেঘালয়ত হোৱা ভূমিস্খলনৰ বাবে বৰাকলৈ যাতায়াত বন্ধ। কিন্তু বৰাকলৈ খাদ্য সামগ্ৰী যোগানৰ বাবে সহায় কৰিব মেঘালয় চৰকাৰে।
২২ হাজাৰ মেট্ৰিকটন চাউল মজুত আছে বৰাকত। ডিজেল, পেট্ৰ’ল ৭ দিনৰ বাবে বৰাকত উপলব্ধ আছে। মন্ত্ৰী যোগেন মহন আৰু বিমল বৰা হাফলঙলৈ যাব।
-বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক দিব হ’ব ৪ লাখ টকা। জিলা উপায়ুক্তই মৃতকৰ পৰিয়ালক মুকলি কৰি দিব ধন।
-বৰাকত বাহিৰৰ বহু লোক আবদ্ধ হৈ আছে। ফ্লাই বিগৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰ। শিলচৰৰ পৰা গুৱাহাটীৰ মাজত ফ্লাইবিগে আৰম্ভ কৰিব বিমান সেৱা। বৰাকৰ বাহিৰৰ লোকসকলক বিমানযোগে অনা হ’ব। ডিমা হাচাওৰ পৰাও বায়ুসেনাৰ বিমানে আনিব আবদ্ধ লোকক।
-কেন্দ্ৰীয় চৰকাৰে ১০০০ কোটি টকাৰ অনুমোদন দিছে। ইতিমধ্যে জিলাসমূহলৈ ১৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে। শিলচৰৰ পৰা ৰে’৸ল সেৱা মুকলি কৰিবলৈ ৪৫ দিন লাগিব। পথ মুকলি কৰিবলৈ প্ৰায় ২ৰ পৰা ৩ দিন লাগিব।
-গুৱাহাটী–শিলচৰৰ মাজত বিশেষ বিমান সেৱা। বৰাকত আবদ্ধ লোকৰ বাবে বিশেষ বিমান সেৱা। বিমানৰ টিকটৰ মূল্য হ’ব ৩ হাজাৰ টকা। টিকটৰ বাবে 8135902973, 8638023921 নম্বৰ মুকলি। UPI বা G PAYৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰিব। কাইলৈ বিয়লি ৫ বজাত গুৱাহাটীৰ পৰা শিলচৰলৈ উৰিব বিমান। শিলচৰৰ পৰা সন্ধিয়া ৬.২০ বজাত গুৱাহাটীলৈ উভতিব।
- এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পঞ্জীয়নৰ বাবে নালাগে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড নহ’লেও যুৱক–যুৱতীয়ে নাম পঞ্জীয়ন কৰিব পাৰিব।
-NDDBৰে বুজাবুজি কৰি যৌথ কোম্পানী স্থাপনৰ সিদ্ধান্ত।
-দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য।
-নতুন ৰাজভৱন নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ। বেলিভউ হোটেলৰ কাষতে নতুন ৰাজ ভৱনৰ বাবে ভূমি।
-স্থগিত নহয় দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ।
-বিদ্যুৎ ক্ৰয়ৰ বাবে উত্তৰ প্ৰদেশৰ নেইভেলীৰ সৈতে বুজাবুজি চুক্তি। নেইভেলীৰ পৰা ৪৯৪ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিব অসমে। ক'ভিডৰ পাছত বিদ্যুতৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কোম্পানীৰ পৰা ৰাজ্য চৰকাৰে বিদ্যুৎ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
-কমলপুৰত নেচনেল ফৰেনছিক বিশ্ববিদ্যালয় স্থাপন হ’ব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|