• Home
  • »
  • News
  • »
  • assam
  • »
  • চাহ শ্ৰমিকলৈ পূজাৰ বোনাচ, চিকিৎসা শিক্ষাত অন্তৰ্ভুক্তি নিশ্চিতকৰণকে ধৰি কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

চাহ শ্ৰমিকলৈ পূজাৰ বোনাচ, চিকিৎসা শিক্ষাত অন্তৰ্ভুক্তি নিশ্চিতকৰণকে ধৰি কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

  • Share this:
শুকুৰবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহ হ’ল –
১. এক চুক্তি সম্পন্ন কৰি ওপঙা সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে অসম মীন উন্নয়ন নিগম লিমিটেড (এএফডিচিএল)ৰ অধীনত বিলৰ ব্যৱহাৰকাৰী অধিকাৰ ৩০ বছৰৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)লৈ স্থানান্তৰ।

২. অসম চাহ নিগম লিমিটেডলৈ ইয়াৰ কৰ্মচাৰী–শ্ৰমিকক দুৰ্গা পূজাৰ বোনাছ প্ৰদানৰ বাবে ১৮.০২ কোটি টকা মুকলি।

৩. ১২০.২ কোটি প্ৰস্তাৱিত বাজেটৰ সৈতে ৭ বছৰৰ বাবে অসম পশু খাদ্য মিছন স্থাপন কৰা হ’ব। ৪০,৯০০ হিতাধিকাৰীৰ প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণ তথা অত্যাধুনিক খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ৮৫ গৰাকী দুগ্ধ পালকৰ বাবে নিয়োগ সৃষ্টি।

৪. চিটী গেছ ডিষ্ট্ৰিবিউচন পাইপলাইন (চিজিডিপি) স্থাপনৰ প্ৰক্ৰিয়াটো সুশৃংখলিত কৰিবলৈ উপায়ুক্তৰ জৰিয়তে সময় নিৰ্ধাৰিত পদ্ধতিৰে ৰাইট অব ৱেৰ বাবে খননৰ অনুমতি প্ৰদান কৰা হ’ব।

৫. ঔদ্যোগিক উদ্দেশ্যৰে চক্ৰ বিষয়াসকলে কেৱল চিজিডিপি স্থাপনৰ বাবে ১০ বিঘাপৰ্যন্ত কৃষিভূমি পুনঃশ্ৰেণীভুক্ত তথা হস্তান্তৰকৰণ কৰিব পাৰিব।

৬. নীৰ নিৰ্মল পৰিযোজনা সূচাৰুৰূপে ৰূপায়ণৰ প্ৰতি লক্ষ্য ৰাখি ৩খন জিলা কামৰূপ (মহানগৰ), যোৰহাট আৰু হাইলাকান্দিত বৃহৎ মাল্টী–ভিলেজ আঁচনি সম্পূৰ্ণ কৰাৰ বাবে অতিৰিক্ত ৪৬.৩৮ কোটি আবণ্টন।

৭. প্ৰয়োজনীয় বিত্তীয় অনুমোদনৰ সন্মতি প্ৰদান কৰাৰ বাবে বিদ্যমান নিৰ্দেশনাৱলীত ৬টা সংশোধনৰ সৈতে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰা হ’ব।

৮. অক্টোবৰ ২০২২ৰ ভিতৰত ই ঋণদাতাসকলক অতিৰিক্ত পৰিমাণৰ ব্যৱস্থা অন্তৰ্ভুক্তিৰে প্ৰায় ১.০৭ লাখ হিতাধিকাৰীক সামৰি ল’ব আৰু ডিচেম্বৰ ২০২২ৰ ভিতৰত জিলা অনুসৰি হিতাধিকাৰীসকলক উদগনি ৰাশি প্ৰদান কৰা হ’ব।

৯. চিকিৎসা মহাবিদ্যালয়সমূহত প্ৰৱেশ পৰ্যায়ৰ পদত আবেদনকাৰীৰ বয়সৰ উচ্চ সীমা সাধাৰণ শ্ৰেণীৰ বাবে ৩৮ৰ পৰা ৪০ বছৰ, অ’বিচি–এমঅ’বিচিৰ বাবে ৪১ৰ পৰা ৪৩ বছৰ, এছটি–এছচি শ্ৰেণীৰ বাবে ৪৩ৰ পৰা ৪৫ বছৰলৈ বৃদ্ধি।

১০. ২০২২–২৩ শৈক্ষিক বৰ্ষৰ পৰা অসমৰ চিকিৎসা মহাবিদ্যালয় আৰু দন্ত মহাবিদ্যালয়ৰ অনুসূচী–৩ (প্ৰথম বৰ্ষৰ MBBS/BDS) পাঠ্যক্ৰমত নামভৰ্তিৰ নিয়মাৱলী) নিয়ম ২০১৭ আৰু (সংশোধনী) নিয়মাৱলী, ২০২১ সংশোধন। অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত ছটা সম্প্ৰদায়ৰ ২খনকৈ আসন বৃদ্ধি। প্ৰাক্তন কৰ্মচাৰীৰ শাখাত বিডিএছ পাঠ্যক্ৰমত ৩খন আসন সংৰক্ষিত কৰা হ’ব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি