• Home
  • »
  • News
  • »
  • assam
  • »
  • Cabinet Meeting Decision: ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ, জানুৱাৰীত অতিৰিক্তভাৱে পাব ৪দিন বন্ধ

Cabinet Meeting Decision: ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ, জানুৱাৰীত অতিৰিক্তভাৱে পাব ৪দিন বন্ধ

অৱশ্যে চৰকাৰী কৰ্মচাৰীয়ে এনে ছুটী পাবলৈ এটা চৰ্ত আছে।

অৱশ্যে চৰকাৰী কৰ্মচাৰীয়ে এনে ছুটী পাবলৈ এটা চৰ্ত আছে।

অৱশ্যে চৰকাৰী কৰ্মচাৰীয়ে এনে ছুটী পাবলৈ এটা চৰ্ত আছে।

  • Share this:

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে অতিৰিক্ত ছুটী মঞ্জুৰ কৰিছে ৰাজ্য চৰকাৰে (State employees to get additional leave)। আজি বঙাইগাঁৱত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীৰ বাবে অতিৰিক্ত ছুটী ঘোষণা কৰে এক সংবাদমেলযোগে।


সেই অনুযায়ী অহা ৬ আৰু ৭ জানুৱাৰীত অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিব অতিৰিক্ত ছুটী। আনহাতে ৮ আৰু ৯ জানুৱাৰী শনিবাৰ-দেওবাৰ হোৱা বাবে চৰকাৰী কৰ্মচাৰীয়ে ৪ দিনৰ বাবে বন্ধ পাব। বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠক (Assam cabinet in Bongaigaon)ৰ পাছতে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই৷


অৱশ্যে চৰকাৰী কৰ্মচাৰীয়ে এনে ছুটী পাবলৈ এটা চৰ্ত আছে। এই চৰ্তৰ লগতে জড়িত আছে জ্যেষ্ঠ নাগৰিকৰ প্ৰতি চৰকাৰৰ দায়িত্ব। ড০ শৰ্মাই জনোৱা মতে, যিসকল কৰ্মচাৰীৰ মাক-দেউতাকৰ লগতে শহুৰেক-শাহুৱেক আছে, তেওঁলোকে এই ছুটী লাভ কৰিব৷ এই ছুটী কেৱল মাক-দেউতাক তথা শহুৰেক-শাহুৱেকৰ লগত কটোৱাৰ বাবেহে। মাক-দেউতাক তথা শহুৰেক-শাহুৱেক নথকা বা তেওঁলোকৰ লগত সময় কটাব অনিচ্ছুক কৰ্মচাৰীয়ে এই ছুঠী নাপাব। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা মন্ত্ৰী, এপিএছ-এচিএছ বিষয়াসকলেও এই ছুটী লাভ কৰিব৷


Assam News Today | News in Assamese | Latest News in Assamese
Published by:Gautam Barman
First published: