জনতা ভৱনত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ পিছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে।
মন্ত্ৰীসভাৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি, মুখ্যমন্ত্ৰীৰ সৌৰ শক্তি প্ৰকল্পৰ অধীনত চৰকাৰে এহেজাৰ মেগাৱটৰ প্ৰজেক্ট স্থাপন কৰিব। কাৰ্বি আংলঙত বহুৱাব এই পাৱাৰ প্ৰজেক্ট।
বসুন্ধৰা ১ আৰু ২ ৰ পিছতো বহু খিলঞ্জীয়া লোকে ভূমিৰ আবণ্টন পোৱা নাছিল, সেয়ে আজিৰ কেবিনেটে ৭৬০টা পৰিয়ালক ভূমি আবণ্টনত সন্মতি দিয়ে।
RIDF ৰ মুঠ ২০৩১ কোটি ১৪ লাখ টকা ব্যয়েৰে মথাউৰিৰ পৰা পকী পথ, বান নিয়ন্ত্ৰণ আৰু মীন পালনৰ বাবে আঁচনি ধাৰ্য কৰে।
ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে বিহুৰ উপহাৰ পাব। বিষয়াৰ পৰা কৰ্মচাৰী আৰু পেন্সনাৰসকলে ডিএ ৪ শতাংশ বৃদ্ধিৰে দৰমহা পাব। যি পূৰ্বৰ ৩৮ শতাংশৰ পৰা ৪২ শতাংশ হ'ব।
Published by: Gautam Barman
FIRST PUBLISHED : March 31, 2023, 20:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।