• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Cabinet Decision : ৰাজ্যৰ আৰক্ষী থানাত নতুনকৈ থানা কমিটি গঠনৰ সিদ্ধান্ত কেবিনেট বৈঠকত

Assam Cabinet Decision : ৰাজ্যৰ আৰক্ষী থানাত নতুনকৈ থানা কমিটি গঠনৰ সিদ্ধান্ত কেবিনেট বৈঠকত

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্বাচিত প্ৰতিনিধিয়ে মাহিলি পাৰিতোষিক প্ৰতিমাহৰ ১০ তাৰিখে পাব।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্বাচিত প্ৰতিনিধিয়ে মাহিলি পাৰিতোষিক প্ৰতিমাহৰ ১০ তাৰিখে পাব।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্বাচিত প্ৰতিনিধিয়ে মাহিলি পাৰিতোষিক প্ৰতিমাহৰ ১০ তাৰিখে পাব।

  • Share this:
আজি জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সংবাদমেল সম্বোধন কৰে জয়ন্ত মল্ল বৰুৱাই।

বৰুৱাই জনোৱা অনুসৰি, কেবিনেট বৈঠকত অসমৰ বিভিন্ন থানাত নতুনকৈ থানা কমিটি গঠনৰ সিদ্ধান্ত লোৱা হৈছে। থানা কমিটিৰ চেয়াৰমেনজনক চৰকাৰে নিযুক্তি দিব। ইয়াৰ বাবে ছজন সদস্য মনোনোয়ন কৰা হ'ব। ৰাইজ আৰু আৰক্ষীৰ মাজৰ সম্পৰ্ক স্থাপনৰ বাবে চৰকাৰৰ এই সিদ্ধান্ত।

আনহাতে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্বাচিত প্ৰতিনিধিয়ে মাহিলি পাৰিতোষিক প্ৰতিমাহৰ ১০ তাৰিখে পাব। ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ ছিনিয়ৰ গ্ৰেড ১ৰ ৭২গৰাকী কৰ্মচাৰীক গ্ৰেট ২লৈ পদোন্নতি দিয়া হ'ব।

কেবিনেট বৈঠকত লগতে দিল্লী তথা ৰাজ্যত অনুষ্ঠিত কৰিবলগীয়া লাচিত দিৱসৰ প্ৰস্ততিৰ বিষয়েও আলোচনা কৰা হয়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি