আজি বড়োলেণ্ড প্ৰাদেশীয় পৰিষদ বিধানসভাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। এই কেবিনেটখনকে ধৰি পঞ্চমখন কেবিনেট দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰা হয়।
কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ সুন্দৰ আয়োজনৰ বাবে BTRৰ মুৰব্বী, কাৰ্যবাহী সদস্য তথা এম চি এলসকলক ধন্যবাদ জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি, কেবিনেটত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
-১২ ছেপ্টেম্বৰৰ পৰা হ'বলগীয়া বিধানসভাৰ অধিৱেশনত পুৰণিকলীয়া আইন বাতিল কৰা হ'ব ৷ ৪৮খন পুৰণিকলীয়া আইন বাতিল কৰাৰ সিদ্ধান্ত কেবিনেটত লোৱা হৈছে ৷
-আউনীআটী বিশ্ববিদ্যালয় স্থাপনৰ বাবে এখন আইন সদনত উত্থাপন কৰা হ'ব।
District Police Accountability bill অনাৰ সিদ্ধান্ত। এই আইনৰ দ্বাৰা জিলা পৰ্যায়ত আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিচাৰ কৰিব পৰা যাব।
-মাৰ্ঘেৰিটাৰ Coal Indiaক পূৰ্ণাংগ ৰূপত পৰিচালনা কৰাৰ সিদ্ধান্ত।
-বড়ো মাধ্যমৰ বিদ্যালয়ত বড়ো ভাষা দ্বাদশ শ্ৰেণীলৈ ব্যৱহূত হ'ব।
-বড়ো ভাষাৰ অধ্যাপক-অধ্যাপিকা নিযুক্তিৰ বাবে পূৰ্বেতে থকা নিয়ম সংশোধন কৰা হৈছে৷ -বড়ো ভাষাত Post Graduate হ'লে নিযুক্তি পাব ৷ ইয়াত ST বুলি কোনো কথা নাথাকিব।
-BTRৰ অঞ্চলৰ দহখন কলেজ প্ৰাদেশিকীকৰণৰ অনুমতি দিয়া হয়। বড়ো শান্তি চুক্তিৰ অংশ ৰূপে দৰমহা BTR প্ৰশাসনে দিব ৷
-পথ মেৰামতিৰ বাবে BTRত মুখ্যমন্ত্ৰীৰ Goodwill Mission আৰম্ভ কৰিম ৷ ইয়াৰ জৰিয়তে অন্তত দহটা ৰাস্তা বনোৱা হ'ব ৷ ৰাস্তাবোৰ অতি কমেও দহ কিলোমিটাৰৰ হ'ব ৷ এই বিত্তীয় বৰ্ষত ২৫০ কোটি টকা পাব আৰু অহা বিত্তীয় বৰ্ষত ২৫০ কোটি পাব।
-মন্ত্ৰী আৰু বিষয়াক লৈ তিনিদিনীয়াকৈ কাজিৰঙাত চিন্তন বৈঠক আয়োজনৰ সিদ্ধান্ত। ২৪ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব এই বৈঠক। বহুকেইজন বিশেষজ্ঞক বৈঠকলৈ আমন্ত্ৰণ কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে এই চিন্তন বৈঠক আয়োজন কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত বছৰত এবাৰ দুবাৰ এই বৈঠক আয়োজন কৰা হ'ব।
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ২২ ছেপ্টেম্বৰত বাৰ হাজাৰক চৰকাৰী চাকৰিৰ নিযুক্তি দিয়া হ'ব। ২৩ ছেপ্টেম্বৰত জলমিত্ৰৰ নিযুক্তি দিয়া হ'ব। ১০ হাজাৰ পদত পুনৰ নিযুক্তি দিয়াৰ বিষয়ে জানিবলৈ APDCLত পাঁচ হাজাৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই নিযুক্তি প্ৰক্ৰিয়াৰ অব্যাহত ৰাখি এই বছৰতে এক লাখ নিযুক্তি সম্পূৰ্ণ কৰা হ'ব ৷ তেওঁ অৱশ্যে এই কথাও কয় যে হাইকৰ্টত কেছ নহ'লে সোনকালেই নিযুক্তি হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৭২ হাজাৰ লোক অৰুণোদয়ৰ বাবে যোগ্য নহয় বুলি ইতিমধ্যে চিনাক্ত হৈছে। ১০ অক্টোবৰৰ পৰা অৰুণোদয়ৰ পুঁজি বাঢ়িব ৷ আধাৰ কাৰ্ডৰ লগত ৰেছন কাৰ্ড সংযুক্ত হ'ব ৷ ৫০ লাখ নতুন মানুহে বিনামূলীয়া চাউল পাব। তেওঁ লগতে কম দিনৰ ভিতৰতে এই মাহতে আদিবাসী বিদ্ৰোহী সংগঠনৰে কেন্দ্ৰীয় চৰকাৰৰ চুক্তি হোৱাৰ কথা প্ৰকাশ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|