• Home
  • »
  • News
  • »
  • assam
  • »
  • মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁৱত উঠিব বীৰঝৰা এক্সপ্ৰেছ নামৰ বিশেষ ৰে'লত ! কিন্তু ক’ত আছে এই ৰে'লখন ?

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁৱত উঠিব বীৰঝৰা এক্সপ্ৰেছ নামৰ বিশেষ ৰে'লত ! কিন্তু ক’ত আছে এই ৰে'লখন ?

বঙাইগাঁৱত নৱেম্বৰ মাহৰ শেষত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকক লৈ উদুলি মুদুলি পৰিৱেশ ৷ বৈঠকৰ মাজতে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব বীৰঝৰা এক্সপ্ৰেছৰ ৷

বঙাইগাঁৱত নৱেম্বৰ মাহৰ শেষত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকক লৈ উদুলি মুদুলি পৰিৱেশ ৷ বৈঠকৰ মাজতে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব বীৰঝৰা এক্সপ্ৰেছৰ ৷

বঙাইগাঁৱত নৱেম্বৰ মাহৰ শেষত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকক লৈ উদুলি মুদুলি পৰিৱেশ ৷ বৈঠকৰ মাজতে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব বীৰঝৰা এক্সপ্ৰেছৰ ৷

  • Share this:
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁৱত উঠিব বীৰঝৰা এক্সপ্ৰেছ নামৰ বিশেষ ৰেলত ! কিন্তু ক’ত আছে এই ৰেলখন ?

Assam News Today

Cabinet Meeting: বঙাইগাঁৱত নৱেম্বৰ মাহৰ শেষত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকক লৈ উদুলি মুদুলি পৰিৱেশ ৷ বৈঠকৰ মাজতে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই শুভাৰম্ভ কৰিব বীৰঝৰা এক্সপ্ৰেছৰ ৷ সেউজীয়া পতাকা জোকাৰি মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব বীৰঝৰা এক্সপ্ৰেছৰ যাত্ৰা ৷

Latest News In Assamese: 

হয় , আপুনি যদি উকি মাৰি মাৰি যোৱা সেই ৰেলগাড়ীৰ কথা ভাবিছে তেন্তে ভুল ভাবিছে। এয়া বীৰঝৰা গাৰ্লচ হাইস্কুলত নতুনকৈ নিৰ্মাণ কৰা ৰেলগাড়ীৰ আৰ্হিৰ শ্ৰেণীকোঠাসমুহ ৷ মুখ্যমন্ত্ৰী উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰে মত বিনিময় কৰিব ৷ মুখ্যমন্ত্ৰীয়ে পতাকা জোকাৰি পাঠদান শুভাৰম্ভ কৰিব বাবে বিদ্যালয় কৰ্তৃপক্ষই সেউজীয়া আৰু ৰঙা ৰঙৰ পতাকা সাজু কৰি ৰাখিছে ৷

News in Assamese

ব্যক্তিগত বিদ্যালয়সমুহৰ আকৰ্ষণীয় সাজ সজ্জাৰ সমান্তৰালভাৱে চৰকাৰী বিদ্যালয়খনো শিক্ষাৰ্থীসকলক আকৰ্ষণ কৰিব পৰা ধৰণে সাজু কৰি তোলা হৈছে ৷ ৰেলগাড়ীয়ে আগুৱাই যোৱাৰ দৰে শিক্ষাৰ্থী সকলেও শৈক্ষিক দিশত আগুৱাই যোৱাৰ আশাৰে এইদৰে ৰেলৰ আৰ্হিৰে বিদ্যালয়খন নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে ৷ বিদ্যালয়ৰ দেৱালত ৰেলৰ ইঞ্জিন , দবাসমূহ সুন্দৰভাৱে অংকণ কৰি আকৰ্ষণীয় ৰূপ দিয়া পৰিলক্ষিত হৈছে ৷

Assam Top News
মুখ্যমন্ত্ৰীৰ বঙাইগাঁও ভ্ৰমণৰ প্ৰাকক্ষণত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ৷ বঙাইগাঁও ভ্ৰমণৰ কাৰ্যসূচী মতে ২৪ নৱেম্বৰত হেলিকপ্তাৰ যোগে বঙাইগাঁৱত আহি উপস্থিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড° শৰ্মাই দিনৰ দহ বজাত উপায়ুক্ত কাৰ্যালয়ত আয়োজিত লাচিত দিৱসৰ কাৰ্যসূচীত অংশ ল'ব ৷ ইয়াৰ পিছত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ’ব । দিনৰ ২.৩০ বজত চিলাৰায় বজাৰৰ আধাৰ শিলা কৰি তেঁও দিনৰ ২.৫০ বজাত দেউৰীপাৰাত বায়ফ্লোক ইউনিট এটা উদ্বোধন কৰিব ৷ দিনৰ ৩.৪০ বজাত মাজগাঁৱত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন কৰিব ৷ আনহাতে আবেলি ৪.১৫ বজাত পাগলাস্থানত ক্লোক টাৱাৰৰ উদ্বোধন কৰিব ৷ আবেলি ৪.৪৫ বজাত খাৰিজা দোলাইগাঁৱত এফোৰ্ডেবুল হাউচিং পাৰ্টনাৰশ্বিপৰ (AFFORDABLE HOUSING PARTNERSHIP ) আধাৰ শিলা কৰিব। সন্ধিয়া ৫.২০ বজাত উত্তৰ বঙাইগাঁৱস্থিত পৰিৱেশ উদ্যানত থকা একুৰিয়াম গৃহৰ উদ্বোধন কৰিব ৷ নিশা আঠৰ পৰা ন বজালৈ বিভিন্ন দল - সংগঠনৰ প্ৰতিনিধিবৰ্গই বঙাইগাঁও আৱৰ্ত ভৱনত সাক্ষাৎ কৰিব ৷

Assam CM Himanta Biswa Sarma

মুখ্যমন্ত্ৰীয়ে আৱৰ্ত ভৱনত নিশা যাপন কৰাৰ পিছ দিনা দলীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব ৷   ২৫ নৱেম্বৰত বৰপাৰাস্থিত জিলা বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় উদ্বোধন কৰাৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ এখন বৈঠকত অংশ ল’ব ৷ ইফালে , মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীবৰ্গৰ আগমনক লৈ দলীয় কৰ্মকৰ্তাৰ মাজতো ব্যাপক উছাহ পৰিলক্ষিত হৈছে ৷

Latest News
Published by:Kokil Sarma
First published: