নাগৰিকত্ব সংশোধনী বিধেয়ক(CAB)ত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

News18 Assam | News18-Assam
Updated:December 4, 2019, 11:17 AM IST
নাগৰিকত্ব সংশোধনী বিধেয়ক(CAB)ত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
মঙলবাৰে নিশা বহুদেৰীলৈকে অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছিল অসমৰ দল–সংগঠন। বৈঠকৰ অন্তত প্ৰকাশ কৰিছিল তীব্ৰ উষ্মা।

মঙলবাৰে নিশা বহুদেৰীলৈকে অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছিল অসমৰ দল–সংগঠন। বৈঠকৰ অন্তত প্ৰকাশ কৰিছিল তীব্ৰ উষ্মা।

  • Share this:
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি উমি উমি জুই জ্বলি থকাৰ মাজতে আজি পুৱাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সংসদভৱনত অনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱা হয়।কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন জনোৱাৰ পাছতে সংসদত বিধেয়কখন উত্থাপন কৰা হ’ব। ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ আগতে সংবাদমাধ্যমত প্ৰকাশ কৰা মতে, অহা ৯ আৰু ১০ ডিচেম্বৰত বিধেয়কখন ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰাৰ সম্ভাৱনা।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত অসম আৰু উত্তৰ-পূৱত তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে কেবিনেটৰ বৈঠকত বিধেয়কখনে অনুমোদন লাভ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অসম চুক্তিৰ স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাই মঙলবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এখন বৈঠকত অংশ লৈছিল যদিও বৈঠকৰ অন্তত আছু নেতৃত্বই যথেষ্ট উষ্মাৰে কেবৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ দিছিল।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তৰ–পূৱৰ দল–সংগঠনৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আলোচনাত বহিলেও নাগৰিকত্ব বিধেয়ক সংসদত উত্থাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকে যে কোনোধৰণৰ আপোচ নকৰে সেয়া আজি মোদী কেবিনেটৰ বৈঠকত পুনৰ প্ৰমাণ হ’ল।

 



 
আৰু চাওক
পৰৱৰ্তী বাতৰি