• Home
  • »
  • News
  • »
  • assam
  • »
  • Modi Cabinet: আজি দিল্লীলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মোদী মন্ত্ৰীসভাত স্থান লাভৰ ইংগিত ! দিল্লীলৈ যাবলৈ সাজু কেন্দ্ৰীয় কেবিনেটৰ সাম্ভাব্য মন্ত্ৰীসকল... নতুনকৈ কিমানগৰাকী মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব মোদী মন্ত্ৰীসভাত ?

Modi Cabinet: আজি দিল্লীলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মোদী মন্ত্ৰীসভাত স্থান লাভৰ ইংগিত ! দিল্লীলৈ যাবলৈ সাজু কেন্দ্ৰীয় কেবিনেটৰ সাম্ভাব্য মন্ত্ৰীসকল... নতুনকৈ কিমানগৰাকী মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব মোদী মন্ত্ৰীসভাত ?

মঙলবাৰে আবেলি ৩ বজাৰ ভিতৰত দেশৰ ৰাজধানীত উপস্থিত হ'ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মঙলবাৰে আবেলি ৩ বজাৰ ভিতৰত দেশৰ ৰাজধানীত উপস্থিত হ'ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মঙলবাৰে আবেলি ৩ বজাৰ ভিতৰত দেশৰ ৰাজধানীত উপস্থিত হ'ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

  • Share this:
কেন্দ্ৰীয় কেবিনেটৰ সম্প্ৰসাৰণৰ বাবে অলপ সময় বাকী আছে। বাতৰি পোৱা গৈছে যে ৪৮ ঘণ্টাত কেবিনেটৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে। ইফালে, দিল্লীলৈ সম্ভাৱ্য মন্ত্ৰীসকলৰ বাবে এক পৰ্যায়ৰ আহ্বানো আৰম্ভ হৈছে। বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi) মন্ত্ৰীসভাত ৫৩ জন মন্ত্ৰী আছে, যাক ৮১ লৈ বৃদ্ধি কৰিব পাৰে। অনুমান কৰা হৈছে যে এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰসাৰণো কৰিব পাৰি। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰৰ কেইবাজনো বিজেপি নেতাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

সম্ভাৱ্য নেতাসকলক দিল্লীলৈ মাতি অনাৰ খবৰ আহিছে। মধ্য প্ৰদেশৰ জ্যেষ্ঠ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া আজি আবেলি দিল্লীত উপস্থিত হ'ব। মঙলবাৰে আবেলি ৩ বজাৰ ভিতৰত দেশৰ ৰাজধানীত উপস্থিত হ'ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মোদী মন্ত্ৰীসভাত স্থান পোৱাটো প্ৰায় নিশ্চিত হৈছে যদিও তেওঁক কি দপ্তৰ দিয়া হ'ব সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে। মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ নেতা নাৰায়ণ ৰাণেও আজি আবেলি দিল্লীত উপস্থিত হ'ব। ইফালে, কেন্দ্ৰীয় কেবিনেটত যোগদান কৰিব বিচৰা তেওঁৰ দলৰ অনুপ্ৰিয়া পেটেলকো মাতি অনা হৈছে।
Published by:Kokil Sarma
First published: