• Home
  • »
  • News
  • »
  • assam
  • »
  • Border Firing Incident : অসম-মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাক লৈ আজি মেঘালয় চৰকাৰৰ কেবিনেট বৈঠক

Border Firing Incident : অসম-মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাক লৈ আজি মেঘালয় চৰকাৰৰ কেবিনেট বৈঠক

 কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এই ঘটনাৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এই ঘটনাৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এই ঘটনাৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত

  • Share this:
অসম-মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাক লৈ আজি মেঘালয় চৰকাৰে কেবিনেট বৈঠকৰ অনুষ্ঠিত কৰে (Cabinet meeting on border firing incident)।

মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গুলীচালনাৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত মেঘালয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

সেই অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এই ঘটনাৰ বিষয়ে অৱগত কৰাৰ সিদ্ধান্ত লোৱা হয়। লগতে ঘটনাৰ তদন্ত NIA বা CBIৰ দ্বাৰা কৰাৰ আহ্বান জনোৱা, কেন্দ্ৰীয় সংস্থাই গোচৰটো গ্ৰহণ নকৰালৈকে কাণ্ডৰ তদন্তৰ বাবে এছ আই টি গঠন কৰা, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত বিষয়টো উত্থাপন কৰা, ৰাজ্যখনত নিৰ্ধাৰিত অনুষ্ঠান বাতিল কৰা, নৱেম্বৰৰ ৩০ তাৰিখলৈকে চৰকাৰী আৰু বেচৰকাৰী সকলো অনুষ্ঠান বাতিল কৰা, উপ মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱা আৰু নিহতৰ পৰিয়ালক লগ কৰা।

উল্লেখযোগ্য যে ২২ নৱেম্বৰৰ পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত জিৰিকিন্দিং আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰত অবৈধ কাঠ সৰবৰাহক লৈ অসম বন বিষয়া আৰু খাচী দুৰ্বৃত্তৰ মাজত বাকবিতণ্ডাৰ সময়ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু ঘটনাত নিহত হৈছিল ৬জনকৈ লোক।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি