• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Cabinet : কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত– ঘৰুৱা বিদ্যুৎ গ্রাহকৰ লগতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰৰ বাবে সকাহ

Assam Cabinet : কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত– ঘৰুৱা বিদ্যুৎ গ্রাহকৰ লগতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰৰ বাবে সকাহ

সংৰক্ষণ কৰা হ'ব প্রখ্যাত লোকশিল্পী প্রতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি

সংৰক্ষণ কৰা হ'ব প্রখ্যাত লোকশিল্পী প্রতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি

সংৰক্ষণ কৰা হ'ব প্রখ্যাত লোকশিল্পী প্রতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি

  • Share this:
আজি জনতা ভৱনত অনুষ্ঠিত কেবিনেটৰ বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি সংৰক্ষণত বিশেষ পদক্ষেপৰ লগতে শিশুৰ শিক্ষা সুনিশ্চিতকৰণ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰসকললৈ সকাহ, গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ৰ সংশোধনকে ধৰি বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।

কেবিনেট বৈঠকৰ গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ
শিশুৰ শিক্ষা সুনিশ্চিতকৰণৰ অৰ্থে প্রতিটো শিক্ষাবর্ষৰ শেষত পঞ্চম আৰু সপ্তম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ (সংশাধনী) আইন, ২০১৯ৰ অধীনত একে শ্ৰেণীত ৰখাৰ পদ্ধতি আৰু চৰ্তৰ দিশত অধিসূচনা জাৰি কৰাত অনুমোদন।

ঘৰুৱা বিদ্যুৎ গ্রাহকলৈ সকাহ
ঘৰুৱা গ্ৰাহকক সকাহ প্রদানৰ লক্ষ্যৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বর্ধিত খুচুৰা শুল্কৰ পৰা হাত সাৰিবলৈ এ পি ডি চি এলক ১৯০ কোটি টকাৰ বিদ্যুৎ ক্রয় ৰাজসাহায্যত অনুমোদন

প্রখ্যাত লোকশিল্পী প্রতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজি সংৰক্ষণ
গোৱালপৰীয়া লোকগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু কৃতী যুগমীয়া কৰাৰ উদ্দেশ্যে ১৫ কোটি টকা ব্যয়সাপেক্ষে এটা সংগ্রহালয় গঢ়ি তোলাৰ বাবে মাটিয়াবাগত ১২ বিঘা ৩ কঠা আৰু ১৮ লেচা মাটি অধিগ্রহণত অনুমোদন। এই প্রকল্পই পূৰ্বৰ গৌৰীপুৰ জমিদাৰী বাগিচাৰ অন্তৰ্গত গেম ৰিজ'ৰ্ট হাৱাখানাৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে পর্যটনৰ বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে।

গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ৰ সংশোধন
গুৱাহাটী মেট্র'পলিটান এলেকাৰ বাবে যাতায়াত-মুখী উন্নয়ন (Transit-oriented
Development) ৰূপায়ণ, ট্রেনজিট কৰিডৰ চিনাক্তকৰণ, ট্রেনজিট নডছ আৰু সেইসমূহৰ সৈতে সংপৃক্ত ক্ষেত্ৰৰ বিভিন্ন ব্যৱস্থাৰ সামঞ্জস্য ৰখাৰ বাবে গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ৰ সংশোধন।

বিদ্যালয়ৰ পুনর্গঠন কার্যপন্থা
বৰপেটা, বাক্সা, বজালী, নলবাৰী, কামৰূপ (মহানগৰ), কামৰূপ, নগাঁও, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ শৈক্ষিক খণ্ড/ডি আই এছৰ মাজত ওপৰা–উপৰি স্কুলৰ বিত্তীয় আৰু প্রশাসনিক কার্যপন্থাৰ পুনঃসমন্বিতকৰণ। ই নির্দিষ্ট শিক্ষা খণ্ড/ডি আই এছৰ ভৌগোলিক এলেকাৰ অধীনত অৱস্থিত আন খণ্ড/ডি আই এছৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত প্রশাসনিক বিসংগতি হ্রাস কৰিব বুলি আশা কৰিছে কেবিনেটে।

শক্তি উৎপাদন বৃদ্ধি
২৪ মেগাৱাটৰ কাৰ্বি লাংপি মধ্যম দ্বিতীয় জলবিদ্যুৎ প্রকল্পত ৩০০.৭ কোটি টকা ব্যয়ৰ লগতে ইয়াৰ ৰূপায়ণৰ বাবে প্রয়োজনীয় পুনৰ ব্যয় প্রস্তাৱত অনুমোদন।

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰ
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পেঞ্চনাৰক সকাহৰ লক্ষ্যৰে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পেঞ্চন পুঁজিলৈ অপ্রশাসনিক অনুমোদনৰ বিত্তীয় অনুদান হিচাপে ২৮৫ কোটি টকা প্রদান। প্রস্তাৱিত আঁচনিখনে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, উত্তৰাধিকাৰী কোম্পানীৰ প্রায় ২০ হাজাৰ পেঞ্চনাৰক লাভান্বিত কৰিব।

সংহত ভৱন উপ-বিধি
বর্তমানৰ বিল্ডিং অনুমোদনন ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ৰাজ্যৰ মাষ্টাৰ প্লেন এলেকাসমূহৰ বাবে অসম সংহত ভৱন উপ-বিধি, ২০২২ত অনুমোদন।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি