শিক্ষক বদলি প্ৰক্ৰিয়াক যুক্তিযুক্ত কৰাৰ বাবে লৈছে সিদ্ধান্ত
শিক্ষক বদলি প্ৰক্ৰিয়াক যুক্তিযুক্ত কৰাৰ বাবে লৈছে সিদ্ধান্ত
আজি অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক (cabinet meeting)ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Ranoj Pegu) আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰে।
কেবিনেটত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কাঠামো পৰিৱৰ্তনৰ লগতে গাড়ীচালনাৰ ক্ষেত্ৰত স্পীডৰ সীমা নিৰ্ধাৰণ কৰে। ইয়াৰ লগতে শিক্ষক বদলিৰ প্ৰসংগতে লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
সেই অনুযায়ী শিক্ষক বদলি প্ৰক্ৰিয়াক যুক্তিযুক্ত কৰাৰ বাবে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ (নিযুক্তি আৰু বদলিৰ নিয়মাৱলী) নিয়ম ২০২২ত অনুমোদন জনায়।
ইয়াৰ জৰিয়তে প্ৰাথমিক, মাধ্যমিক, সৰ্বশিক্ষা সমিতি অসমৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকসকলকো ট্ৰেন্সফাৰ প'ৰ্টেলৰ জৰিয়তে অনলাইন পদ্ধতিত জিলা অন্তৰ্ৱতী, আন্তঃজিলা আৰু পাৰস্পৰিক বদলিৰ সুবিধা প্ৰদান কৰা হ'ব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|