মুখ্যপৃষ্ঠা »খবৰ »অসম »Cabinet Decision : ব'হাগ বিহুত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত বিহু নৃত্যৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰিকল্পনা, কেবিনেট কমিটী গঠন

Cabinet Decision : ব'হাগ বিহুত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত বিহু নৃত্যৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰিকল্পনা, কেবিনেট কমিটী গঠন

কমিটীখনে বিহুক বিশ্বজনীন কৰাৰ বাবে সামগ্ৰিক পৰিকল্পনা আৰু প্ৰচেষ্টা চলাব।

কমিটীখনে বিহুক বিশ্বজনীন কৰাৰ বাবে সামগ্ৰিক পৰিকল্পনা আৰু প্ৰচেষ্টা চলাব।

  • Share this:

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।  


এই বৈঠকতে অসমৰ বিহুক বিশ্বসভালৈ লৈ যোৱাৰ বাবে চৰকাৰে ইতিমধ্যে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেট কমিটি এখন গঠন কৰি দিয়ে (Bohag Bihu to get international exposure)।


মুখ্যমন্ত্ৰীয়ে কয় যে অহা ১৪ এপ্ৰিলত ব'হাগ বিহু উপলক্ষে অসমলৈ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব। প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিতে প্ৰায় ১৫ হাজাৰ যুৱক-যুৱতীৰ দৰ্শনীয় বিহু নৃত্যৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্টকৰণৰ চেষ্টা চলোৱা হ'ব (strives to enter Guinness World Records)। আৰু আজিৰ বৈঠকত ইয়াৰ বাবে চাৰিজনীয়া কেবিনেট কমিটী গঠন কৰা হয়।


এই কমিটীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অন্তৰ্ভুক্ত কৰা হৈছে। এই কমিটীখনে বিহুক বিশ্বজনীন কৰাৰ বাবে সামগ্ৰিক পৰিকল্পনা আৰু প্ৰচেষ্টা চলাব।

শেহতীয়া বাতৰি