সুৰাৰ মূল্য বৃদ্ধি, আৰু কি কি সিদ্ধান্ত কেবিনেট বৈঠকত?

News18 Assam | News18-Assam
Updated:May 8, 2020, 10:35 PM IST
সুৰাৰ মূল্য বৃদ্ধি, আৰু কি কি সিদ্ধান্ত কেবিনেট বৈঠকত?
নিজ নিজ কক্ষৰ পৰাই মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্সৰ বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ।

নিজ নিজ কক্ষৰ পৰাই মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্সৰ বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ।

  • Share this:
বিলাতী সুৰাৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সৰ্বানন্দ সোণোৱালৰ শুকুৰবাৰৰ কেবিনেটে। শুকুৰবাৰে বিয়লি ৫.৩০ বজাত জনতা ভৱনত নিজ নিজ কক্ষৰ পৰাই মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্সৰ বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। তাৰ ভিতৰত অন্যতম হ’ল বিলাতী সুৰাৰ MRPৰ ওপৰত ২৫% মূল্য বৃদ্ধিৰ সিদ্ধান্ত। এই মূল্য বৃদ্ধিৰ ফলত ৰাজ্য চৰকাৰে বছৰত সংগ্ৰহ কৰিব প্ৰায় এহেজাৰ কোটিৰ ৰাজহ। শুকুৰবাৰৰ আন সিদ্ধান্ত সমূহ হ’ল –
> লক ডাউনৰ শিথিলতাৰ মাজতো সামাজিক দূৰত্ব মানিব লাগিব।

>> সকলোৱে মাস্ক পিন্ধি লাগিব।

> অসমৰ কোম্পানীসমূহৰ ডিউটি সময় ৮ ঘণ্টাৰ পৰা ১২ ঘণ্টালৈ বৃদ্ধি কৰিলেও চৰকাৰৰ কোনো আপত্তি নাই।

> ৰাজ্যৰ চাহ বাগিচাত পূৰ্ণ পৰ্য্যায়ত কাম কাজ কৰাৰ ক্ষেত্ৰত কেবিনেটৰ অনুমোদন।

> আৰু কৃষি বিভাগৰ মাৰ্কেটিং আইনখন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰি নতুন আধ্যাদেশ জাৰি।
First published: May 8, 2020, 10:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading