• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ’ব দ্বৈত মাধ্যম – কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ’ব দ্বৈত মাধ্যম – কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত শিক্ষা বিভাগৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত শিক্ষা বিভাগৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত শিক্ষা বিভাগৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

  • Share this:
বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত শিক্ষা বিভাগৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সিদ্ধান্তসমূহ সংবাদ মাধ্যমযোগে ৰাজহুৱা কৰে।

শিক্ষা বিভাগত লোৱা সিদ্ধান্তসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল-

১. ৰাজ্য চৰকাৰৰ অধীনস্থ অসমীয়া আৰু অন্যান্য স্থানীয় মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষা প্ৰদানৰ দ্বৈত মাধ্যম প্ৰৱৰ্তন।

২. বিদ্যালয় কৰ্তপক্ষক অসমীয়া বা অন্যান্য স্থানীয় মাধ্যমৰ ক্ষতি নকৰাকৈ ইংৰাজী মাধ্যম প্ৰৱৰ্তনত কৰ্তৃত্বৰ স্বাধীনতা।

৩. দ্বৈত মাধ্যম প্ৰৱৰ্তনৰ হেতু প্ৰতিখন জিলাৰ ৫ৰ পৰা ১০খন বিদ্যালয় চিনাক্ত কৰা হ’ব আৰু এই পদক্ষেপৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি এনে বিদ্যালয়ৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি কৰা হ’ব।

৪. ২০২৩ শিক্ষা বৰ্ষৰ পৰা সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত অসমীয়া আৰু অন্যান্য স্থানীয় মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত শিকোৱা হ’ব আৰু সেই অনুসৰি কিতাপবোৰ ইংৰাজীত হ’ব।

৫. বিদ্যালয়ৰ পাঠ্যক্ৰমত বাধ্যতামূলক বিষয় হিচাপে সমাজ অধ্যয়নক সলনি কৰি ভূগোল আৰু ইতিহাস অন্তৰ্ভুক্তকৰণ।

৬. লিংগ সমতা নিশ্চিত কৰিবলৈ সুদীৰ্ঘ ইতিহাস আৰু পৰম্পৰা থকা কেইখনমান বালিকা বিদ্যালয়ৰ বাহিৰে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো বিদ্যালয়ত সহ–শিক্ষাৰ সুবিধা।
Published by:Sanjay Kumar Das
First published: