• Home
  • »
  • News
  • »
  • assam
  • »
  • শীঘ্ৰে অসমত ১লাখ নিবনুৱাৰ নিযুক্তি ! প্ৰতি সপ্তাহতে অসমত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক: সংবাদমেল যোগে সদৰী কৰিলে মন্ত্ৰী কেশৱ মহন্ত আৰু পীয়ুষ হাজৰিকাই।।

শীঘ্ৰে অসমত ১লাখ নিবনুৱাৰ নিযুক্তি ! প্ৰতি সপ্তাহতে অসমত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক: সংবাদমেল যোগে সদৰী কৰিলে মন্ত্ৰী কেশৱ মহন্ত আৰু পীয়ুষ হাজৰিকাই।।

photo- twitter

photo- twitter

জনতা ভৱনত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰতিশ্ৰুতি অনুযায়ী ১লাখ নিবনুৱাক নিযুক্তি দিয়া হ'ব। ইয়াৰ বাবে গঠন কৰা হৈছে এখন কমিটী যাৰ অধ্যক্ষৰ দায়িত্বত থাকিব বিত্ত মন্ত্ৰী অজন্তা নেওগ।

  • Share this:
জনতা ভৱনত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। এই বৈঠকতে অসমৰ ক'ভিড পৰিস্থিতিৰ বাবে লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই বৈঠকৰ  সিদ্ধান্তসমূহৰ কথা সংবাদমেলযোগে সদৰী কৰিলে মন্ত্ৰী কেশৱ মহন্ত, পীয়ুষ হাজৰিকাই। সংবাদমেলত উপস্থিত আছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাও।

প্ৰথমখন কেবিনেটত ক'ভিড পৰিস্থিতিৰ বিতং পৰ্যালোচনা কৰা হয়। Covidৰ নতুন নীতি-নিয়ম কাইলৈ ১১ বজাত মুখ্য সচিব আৰু DGPয়ে বাখ্যা কৰিব। প্ৰত্যেকজন মন্ত্ৰীক ২ বা ৩খন জিলা ক'ভিড পৰ্যালোচনাৰ দায়িত্ব দিয়া হ'ব। মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক দিব লাগিব প্ৰতিবেদন। অৰ্থনৈতিক পেকেজ সন্দৰ্ভতো হ'ব আলোচনা।এই কথা অৱগত কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

অসম চৰকাৰৰ কেবিনেট বৈঠক প্ৰতি সপ্তাহতে বুধবাৰে ১১বজাৰ পৰা ১বজালৈ অনুষ্ঠিত হ'ব।  মন্ত্ৰী কেশৱ মহন্ত, পীয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই সংবাদমেলযোগে বৈঠকৰ কথাবোৰ সংবাদ মাধ্যমৰ আগত অৱগত কৰিব। এই কথা জনালে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুযায়ী ১লাখ নিবনুৱাক নিযুক্তি দিয়া হ'ব। ইয়াৰ বাবে গঠন কৰা হৈছে এখন কমিটী যাৰ অধ্যক্ষৰ দায়িত্বত থাকিব বিত্ত মন্ত্ৰী অজন্তা নেওগ। micro financeৰ ঋণ সন্দৰ্ভতো গঠন কৰা হৈছে কমিটী।

NRLত চৰকাৰৰ শ্বেয়াৰ ২৬ শতাংশলৈ বৃদ্ধি কৰা হ'ব। এই কথা ঘোষণা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
Published by:Kokil Sarma
First published: