নাগৰিকত্ব সংশোধনী বিধেয়ক নৱেম্বৰত গৃহীত হ’বঃডঃ হিমন্ত বিশ্ব শৰ্মা

বৰাক উপত্যকাত এই মন্তব্য মন্ত্ৰীগৰাকীৰ।

News18
Updated:September 24, 2019, 1:23 PM IST
নাগৰিকত্ব সংশোধনী বিধেয়ক নৱেম্বৰত গৃহীত হ’বঃডঃ হিমন্ত বিশ্ব শৰ্মা
ফাইল ফটো
News18
Updated: September 24, 2019, 1:23 PM IST
এইবাৰ CAB আনিবলৈ তৎপৰ হৈছে শাসকীয় দল। কোনো বাধা নাথাকিলে নৱেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬’ গৃহীত কৰা হ’ব। সোমবাৰে শিলচৰত এই কথা জনায় উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চা (NEDA)ৰ আহ্বায়ক তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এইক্ষেত্ৰত যদি কোনে বাধা নাহে, তেতিয়াহ’লে নাগৰিকত্ব সংশোধনী বিধেয়কখন নৱেম্বৰত গৃহীত কৰা হ’ব।


শিলচৰৰ এখন সমাৱেশত ভাষণ দি শৰ্মাই কয়। সোমবাৰে তেওঁ কেন্দ্ৰৰ বিজেপি নেতৃত্বই আৰম্ভ কৰা ৰাষ্ট্ৰীয় একতা অভিযানৰ অন্তৰ্গত জন জাগৰণ সমাৱেশত ভাগ ল’বলৈ কৰিমগঞ্জ আৰু শিলচৰলৈ গৈছিল।

অনুচ্ছেদ ৩৭০ আৰু ৩৫(এ) প্ৰত্যাহাৰ আৰু মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা)বিধেয়ক,২০১৯ গৃহীত হোৱাৰ পাছত কোনোৱে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব নে নাই সেই সম্পৰ্কে সন্দেহ ৰখা উচিত নহয়।


ডঃ শৰ্মাই কয়।

কিন্তু ইয়াৰ বাবে সকলো দলকে বিশেষকৈ উত্তৰ-পূবৰ দলসমূহক তেওঁলোকৰ সাংস্কৃতিক আৰু ভাষিক অধিকাৰ সুৰক্ষাৰ বাবে আস্থাত লোৱাৰ কথা তেওঁ সদৰি কৰে।

শৰ্মাই লগতে দোহাৰে যে, বিজেপি ২০১৪’ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত চুবুৰীয়া দেশত ধৰ্মীয় উৎপীড়নৰ বলি হৈ অহা পৰিয়ালসমূহক আশ্ৰয়, সুৰক্ষা তথা নাগৰিকত্ব আগবঢ়োৱাৰ বাবে দায়বদ্ধ।

আৰু চাওক পৰৱৰ্তী বাতৰি