‘CAB’ ৰ বিৰুদ্ধে আন্দোলন কৰা ‘জাতীয়তাবাদী’ নেতাই পিন্ধিলে গেৰুৱা বসন

সোণাৰিত বিজেপিত যোগদান কৰিলে টাই আহোম যুৱ পৰিষদ চমুকৈ,( টাইপা)ৰ কেন্দ্ৰীয় সহঃসম্পাদক ভাস্কৰ বৰুৱাৰ লগতে বিজয় বিশ্বাস,  আৰু সুবিত তাঁতীয়ে

News18-Assam
Updated:October 12, 2019, 2:46 PM IST
‘CAB’ ৰ বিৰুদ্ধে আন্দোলন কৰা ‘জাতীয়তাবাদী’ নেতাই পিন্ধিলে গেৰুৱা বসন
সোণাৰিত বিজেপিত যোগদান কৰিলে টাই আহোম যুৱ পৰিষদ চমুকৈ,( টাইপা)ৰ কেন্দ্ৰীয় সহঃসম্পাদক ভাস্কৰ বৰুৱাৰ লগতে বিজয় বিশ্বাস,  আৰু সুবিত তাঁতীয়ে
News18-Assam
Updated: October 12, 2019, 2:46 PM IST
আদৰ্শহীন নেতা! অসমীয়া জাতীয় জীৱনৰ প্ৰতি ভাবুকি স্বৰূপ বুলি সততে অভিযোগ কৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ  বিৰুদ্ধে প্ৰতিবাদৰ নামত ৰাজ্যৰ আকাশ বতাহ কঁপোৱা ৰাজ্যৰ একাংশ জাতীয়তাবাদী শিৱিৰৰ মানুহে হৰ্ঠাৎ আদৰ্শ সলনি কৰি বিজেপিত যোগদান কৰিছে। সোণাৰী উপ–নিৰ্বাচনৰ সময়তে বিজেপিত যোগদান কৰিলে টাই আহোম যুৱ পৰিষদ চমুকৈ,( টাইপা)ৰ কেন্দ্ৰীয় সহঃসম্পাদক ভাস্কৰ বৰুৱাৰ লগতে বিজয় বিশ্বাস,  আৰু সুবিত তাঁতীয়ে।

সোণাৰিত  বিজেপিৰ  মুখ্যকাৰ্যলয় উদ্বোধনী অনুষ্ঠত বিজেপিত যোগদান কৰে  এসময়ত ‘CAB’ বিৰোধী টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সহঃসম্পাদক গৰাকীয়ে। যোগদান কৰা অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সম্পাদক ফনি শৰ্মা,যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি উপ নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ  লগতে বহুকেইজন বিজেপিৰ আগশাৰীৰ নেতা।
আৰু চাওক পৰৱৰ্তী বাতৰি