অ'লা, উবেৰ শূন্য হৈ পৰিল গুৱাহাটী মহানগৰী। বুধবাৰে কেব মজদুৰ সংঘই বহুজাতিক প্ৰতিষ্ঠান অ'লা আৰু উবেৰ বৰ্জন কাৰ্যসূচী আৰম্ভ কৰে মহানগৰীত।
বহুজাতিক প্ৰতিষ্ঠানক "বয়কট" কৰি থলুৱা প্ৰতিষ্ঠানক আঁকোৱালি লোৱাৰ উদ্দেশ্যে আজিৰে পৰা অ'লা-উবেৰ বৰ্জন কাৰ্যসূচী লয় (Ola-Uber Driver Protest)।
দীৰ্ঘদিনে চালকক শোষণ আৰু লুণ্ঠন চলোৱাৰ অভিযোগত ১ ফেব্ৰুৱাৰীৰ পৰা মহানগৰীত বৰ্জন কাৰ্যসূচী চলে। অভিযোগ অনুসৰি মহানগৰবাসীৰ যাত্ৰাৰ বাবে একেবাৰে সহজভাৱে উপলব্ধ এই অ’লা-উবেৰে চালককে নহয় যাত্ৰীকো হাই ডিমাণ্ডৰ নামত শোধাই আহিছে মাধমাৰ৷ সেয়ে ১৮ হাজাৰ অ'লা, উবেৰ, ৰেপিড' চালকে বুধবাৰৰ পৰা পালন কৰিছে কৰ্মবিৰতি।
তথ্য অনুসৰি, অ’লা-উবেৰ বহুজাতিক প্ৰতিষ্ঠান দুটাই চালকসকলৰ পৰা ১০০ টকাৰ বিপৰীতে ৩০-৫০ শতাংশ কমিছন লয়। ইয়াৰ পৰিৰ্ৱতে ১৫ শতাংশ কৰ্তন কৰে থলুৱা পে ইণ্ডিয়া আৰু এ এন টু প্ৰতিষ্ঠান দুটাই। সেয়ে বহিৰাগত প্ৰতিষ্ঠানকেইটা বৰ্জন কৰি থলুৱা এপ দুটাক সকলোকে আঁকোৱালি ল'বলৈ আহ্বান কেব মজদুৰ সংঘৰ৷
এই বৰ্জন কাৰ্যসূচীৰ বাবে বুধবাৰৰ দিনটোত উবেৰ এপত শূন্য হৈ পৰিল গাড়ীৰ সংখ্যা। বিপৰীতে থলুৱা পে ইণ্ডিয়া আৰু এ এন টু এপত দেখা গ'ল গাড়ীৰ যথেষ্ট ভিৰ।
কেব মজদুৰ সংঘৰ স্পষ্ট দাবী অ'লা-উবেৰে ১৫ শতাংশলৈ হ্ৰাস কৰক কমিছনৰ পৰিমাণ। অন্যথা অনিৰ্দিষ্ট কাললৈ অব্যাহত থাকিব বৰ্জন কাৰ্যসূচী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|