CABৰ বিৰুদ্ধে নপৰিল ভোট! উপমন্যু হাজৰিকাই ভোট পালে ২০হাজাৰ

নাগৰিকত্ব সংশোধনী (২০১৬) বিধেয়কক লৈ দল সংগঠনৰ প্ৰতিবাদ আৰু আন্দোলন অব্যাহত থকাৰ লগতে সমগ্ৰ উত্তৰ পূব অগ্নিগৰ্ভা হৈ আছিল যদিও এই ইচ্ছ্যুৱে সাধাৰণ ভোটাৰক স্পৰ্শই নকৰিলে।

News18-Assam
Updated:May 24, 2019, 9:57 AM IST
CABৰ বিৰুদ্ধে নপৰিল ভোট! উপমন্যু হাজৰিকাই ভোট পালে ২০হাজাৰ
নাগৰিকত্ব সংশোধনী (২০১৬) বিধেয়কক লৈ দল সংগঠনৰ প্ৰতিবাদ আৰু আন্দোলন অব্যাহত থকাৰ লগতে সমগ্ৰ উত্তৰ পূব অগ্নিগৰ্ভা হৈ আছিল যদিও এই ইচ্ছ্যুৱে সাধাৰণ ভোটাৰক স্পৰ্শই নকৰিলে।
News18-Assam
Updated: May 24, 2019, 9:57 AM IST
লোকসভা নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত তিলমানো প্ৰভাৱ নপৰিল বহুচৰ্চিত CABৰ। নাগৰিকত্ব সংশোধনী (২০১৬) বিধেয়কক লৈ দল সংগঠনৰ প্ৰতিবাদ আৰু আন্দোলন অব্যাহত থকাৰ লগতে সমগ্ৰ উত্তৰ পূব অগ্নিগৰ্ভা হৈ আছিল যদিও এই ইচ্ছ্যুৱে সাধাৰণ ভোটাৰক স্পৰ্শই নকৰিলে। বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা হিন্দু সহ ছটা  সম্প্ৰদায়ৰ লোকক সংস্থাপনৰ বাবে কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাজ্যত ভোটাৰে মোদী চৰকাৰক নস্যাৎ কৰাৰ আশংকা কৰা হৈছিল। কিন্তু বৃহস্পতিবাৰৰ নিৰ্বাচনী ফলাফলত ওলাল সম্পূৰ্ণ ওলোটা ছবি। অসমৰ ভোটাৰ ৰাইজৰ আশীৰ্বাদত বিজেপিয়ে ২০১৪চনতকৈ ভাল ফলাফলহে কৰিবলৈ সক্ষম হয়। শাসকীয় দলটোৱে অসমত পূৰ্বতকৈ সৰহকৈ মুঠ ৯খন আসন লাভ কৰিবলৈ সক্ষম হয়। বিৰোধী কংগ্ৰেছকে ধৰি দল–সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ কৰিছিল যদিও এই আন্দোলনে ৰাজনৈতিক ইচ্ছ্যুৰ ৰূপ লোৱাত ব্যৰ্থ হয়। CA‍B বিৰোধী আন্দোলন সংবাদমাধ্যম আৰু গুৱাহাটীকেন্দ্ৰিক হোৱাৰ কাৰণেই গ্ৰামাঞ্চলৰ সাধাৰণ ৰাইজক স্পৰ্শ কৰিব নোৱাৰিলে বুলি একাংশ লোকে চৰ্চা কৰিছে। অঞ্চলবিশেষে এই আন্দোলনে প্ৰভাৱ পেলোৱাৰ যি সম্ভাৱনা বিৰোধীয়ে প্ৰকাশ কৰিছিল সেই প্ৰভাৱ শাসকীয় দলৰ ৰণকৌশলত সম্পূৰ্ণৰূপে ধূলিস্যাৎ হৈ পৰে। কমেও আঢ়ৈশ আঁচনি আৰু চাহ জনগোষ্ঠীৰ লোকৰ লগতে কৃষকৰ কাৰণে গ্ৰহণ কৰা আঁচনিৰ বাবে বৃহৎসংখ্যক লোকে বিজেপিৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। অতি তাৎপৰ্যপূৰ্ণ যে খিলঞ্জীয়াৰ সুৰক্ষা কৱচ প্ৰদানৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুঁজত নমা প্ৰবজনবিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ সমস্যাক ইচ্ছ্যু কৰি নিৰ্বাচনত নামি কেৱল ১৯,৩৭৯টা ভোটতে সন্তুষ্ট থাকিবলগীয়া হ’ল।
আৰু চাওক পৰৱৰ্তী বাতৰি