২৯ অক্টোবৰত কেব সংস্থাই অৱৰোধ কৰিব অসমৰ সকলো প্ৰৱেশ পথ

News18 Assam | News18-Assam
Updated:October 28, 2020, 10:35 AM IST
২৯ অক্টোবৰত কেব সংস্থাই অৱৰোধ কৰিব অসমৰ সকলো প্ৰৱেশ পথ
অসমৰ প্ৰতিটো প্ৰৱেশ পথত ২৯ অক্টোবৰত এই কাৰ্যসূচী গ্ৰহণ কৰিব এই টেক্সি সংস্থাই। বাধা প্ৰদান কৰিব উত্তৰ–পূবৰ আন ৰাজ্যৰ পৰা অসমলৈ অহা বাহনসমূহক।

অসমৰ প্ৰতিটো প্ৰৱেশ পথত ২৯ অক্টোবৰত এই কাৰ্যসূচী গ্ৰহণ কৰিব এই টেক্সি সংস্থাই। বাধা প্ৰদান কৰিব উত্তৰ–পূবৰ আন ৰাজ্যৰ পৰা অসমলৈ অহা বাহনসমূহক।

  • Share this:



২৯ অক্টোবৰত কেব এছ’চিয়েচন অব আছামে অৱৰোধ কৰিব অসমৰ সকলো প্ৰৱেশ পথ। অসমৰ প্ৰায় দহটাকৈ বাণিজ্যিক বাহন সংস্থাই চুবুৰীয়া ৰাজ্যলৈ কোভিড–১৯ৰ অজুহাতত অসমৰ পৰা কেব বাহন প্ৰৱেশ কৰিব নিদিয়া সিদ্ধান্তৰ বিৰোধিতা কৰি সাব্যস্ত কৰিব প্ৰতিবাদ।

অসমৰ প্ৰতিটো প্ৰৱেশ পথত ২৯ অক্টোবৰত এই কাৰ্যসূচী গ্ৰহণ কৰিব এই কেব সংস্থাই। বাধা প্ৰদান কৰিব উত্তৰ–পূবৰ আন ৰাজ্যৰ পৰা অসমলৈ অহা বাহনসমূহক।

বাণিজ্যিক বাহনৰ লগতে টেক্সী চালকসকলে প্ৰতিবেশী ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদি ৰাজ্যত অসমৰ বাহন প্ৰৱেশ কৰিব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে। এই ৰাজ্যসমূহত প্ৰৱেশ কৰাৰ পূৰ্বে ধন খৰচ কৰি কোভিড স্ক্ৰীণিং কৰিবলগীয়া হয়। যদিহে কোভিড টেষ্টৰ ফলাফল নিগেটিভ হয় তেতিয়াহে প্ৰৱেশৰ অনুমতি দিয়া হয়। মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বাবে চালকৰ মাচুল ৫০০ টকা ধাৰ্য কৰা হৈছে। আন ৰাজ্যত যাত্ৰীৰ স্ক্ৰীণিং মাচুল অধিক।

উল্লেখযোগ্য যে সকলোৰে বাবে একেই নিয়ম কাৰ্যকৰী হোৱাৰ পিছতো অসমৰ পৰা যাত্ৰী কঢ়িয়াই নিয়া চালকসকলে প্ৰতিবাৰেই সীমান্ত অতিক্ৰম কৰাৰ সময়ত পৰীক্ষা কৰিবলগীয়া হয়। আনহাতে, আন ৰাজ্যসমূহৰ প্ৰশাসনে অসমৰ পৰা প্ৰদান কৰা কোভিডৰ ৰিপ’ৰ্ট গ্ৰহণ নকৰে।

অসমত ইতিমধ্যে কোনো পৰীক্ষা অবিহনে সকলো ৰাজ্যৰ বাহনৰ প্ৰৱেশত অনুমতি দিয়া হৈছে।

Published by: Sanjay Kumar Das
First published: October 28, 2020, 10:35 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading