• Home
  • »
  • News
  • »
  • assam
  • »
  • ছচিয়েল মিডিয়াত অভিনেত্ৰী বৰষাৰাণী বিষয়াক অসংযত কথা বতৰাৰে অপমানিত কৰা সকল কোন? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

ছচিয়েল মিডিয়াত অভিনেত্ৰী বৰষাৰাণী বিষয়াক অসংযত কথা বতৰাৰে অপমানিত কৰা সকল কোন? কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে প্ৰত্যুত্তৰ দিয়াৰ লগতে, এনেদৰে অভিনেত্ৰীগৰাকীক এটা বিশেষ ৰাজনৈতিক দলৰ একাংশ সদস্যই অসংযত কথা বতৰাৰে অপমানিত কৰা বুলি অভিযোগ কৰে।

ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে প্ৰত্যুত্তৰ দিয়াৰ লগতে, এনেদৰে অভিনেত্ৰীগৰাকীক এটা বিশেষ ৰাজনৈতিক দলৰ একাংশ সদস্যই অসংযত কথা বতৰাৰে অপমানিত কৰা বুলি অভিযোগ কৰে।

ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে প্ৰত্যুত্তৰ দিয়াৰ লগতে, এনেদৰে অভিনেত্ৰীগৰাকীক এটা বিশেষ ৰাজনৈতিক দলৰ একাংশ সদস্যই অসংযত কথা বতৰাৰে অপমানিত কৰা বুলি অভিযোগ কৰে।

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। আন্দোলনত প্ৰত্যক্ষ ভাবে নামিছে ৰাজ্যৰ শিল্পীসমাজ। অভিনেত্ৰী বৰষাৰাণী বিষয়াই বিতৰ্কিত বিল খন তীব্ৰ ভাবে বিৰোধিতাৰ কৰাৰ লগতে ৰাইজৰ মাজত বিলখনৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাতো লৈছে আগভাগ। ফলত এতিয়া একাংশৰ টাৰ্গেট হৈ পৰিছে বৰষাৰাণী বিষয়া। অভিনেত্ৰীগৰাকীক বিভিন্ন অসংযত কথা বতৰাৰে, নানা ধৰণৰ ব্যক্তিগত ফটো শ্বেয়াৰ কৰি এচামে অপদস্থ কৰি তুলিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক।

এনেদৰে ছচিয়েল মিডিয়াত ব্যক্তিগত ভাবে বৰষাৰাণী বিষয়াক অপমানিত কৰা বিষয়টোত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰী গৰাকীয়ে এইবোৰ কৰ্ম কাণ্ডৰ অন্তৰালত এটা বিশেষ ৰাজনৈতিক দলৰ একাংশ সদস্য জড়িত আছে বুলি অভিযোগ উত্থাপিত কৰিছে।

অভিনেত্ৰীগৰাকীয়ে কয় যে,
যোৱা দুদিনমান মোক ব্যক্তিগত ভাৱে অপমানিত কৰিবলৈ চেষ্টা কৰাতো মই দেখি আহিছো, কিন্তু মাত মতা নাই কিয়নো মই নিউটনৰ তৃতীয় সূত্ৰ ( প্ৰত্যেক ক্ৰিয়াৰ এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে ) তো জানো। গতিকে তেওঁলোক তাতেই ব্যস্ত থাকক , মই জাতিৰ হৈ মাত মাতি যাম, সেইসকলক কোনো উত্তৰ নিদিও😊 । কিন্তু এই যে ছেম ষ্টেফৰ্ডৰ কবৰত মই গামোছা দিয়াক লৈ মোলৈ প্ৰশ্ন কৰিছা তাৰ উত্তৰ মই দিম। জাতিটোৰ বাৱে নিজৰ প্ৰাণৰ আহুতি দিয়া শ্বহীদ ছেমৰ কবৰলৈ যাওঁতে মোৰ লগত অসমীয়াৰ প্ৰাণৰ সেই আঢ়ৈহতীয়া ফুলাম গামোচা খন আছিল। তাৰ কবৰত মই সেইখন উৰাই দিছিলো কিয় জানা, নানা জাতি ধৰ্মেৰে একত্ৰিত দেশ এখনৰ মুখীয়া জনে ডিঙিত গামোচা লৈ এটা জাতিক সন্মান জনাই আকৌ সেই জাতিটোৰেই অস্তিত্বক ভৰিৰে মোহাৰি গছকি মষিমূৰ কৰিব খোজে ,বাহ্..... । ছেমৰ মৃত শৰীৰত সেই গামোচা খন দেখিবলৈ বেছি শুৱনি হৈছিল, এগৰাকী অসমীয়াৰ পৰা জনাব পৰা সেয়া বেচেৰালৈ শেষ সন্মান আছিল । তুমি বুজি নাপাবা হয়তো ।


ছচিয়েল মিডিয়াত এচাম বিকৃত মানসিকতাৰ যুৱকে অভিনেত্ৰীগৰাকীৰ কিছুমান ব্যক্তিগত ফটো আপলোড কৰি, অতি নিম্নমানৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু এনেধৰণৰ তৰল কথা বতৰাৰে অভিনেত্ৰীগৰাকীৰ সংগ্ৰামী সত্ত্বাক বিচলিত কৰিব নোৱাৰে বুলি মন্তব্য কৰিছে বৰষাৰণী বিষয়াই।

Published by:Himangshu Bhuyan
First published: