নৱবৰ্ষৰ প্ৰথম দিনটোতে ক’লা পতাকাৰ সন্মুখীন হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

News18 Assam | News18-Assam
Updated:January 1, 2020, 4:13 PM IST
নৱবৰ্ষৰ প্ৰথম দিনটোতে ক’লা পতাকাৰ সন্মুখীন হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
আছু–অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীক প্ৰহাৰ নিৰাপত্তাৰক্ষীৰ

আছু–অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীক প্ৰহাৰ নিৰাপত্তাৰক্ষীৰ

  • Share this:
ৰাজ্যত এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বছৰৰ প্ৰথমদিনটোতে প্ৰতিবাদ আৰু ক’লা পতাকাৰ সন্মুখীন হ’বলগীয়া হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।নলবাৰী চামতা পথেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সৰ্থেবাৰীলৈ গৈ থকা অৱস্থাত প্ৰতিবাদৰ সন্মুখীন হয়। নলবাৰীৰ ন–সত্ৰলৈ গৈ থকা অৱস্থাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আছু–অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰে। মুখ্যমন্ত্ৰীক ক’লা পতাকা দেখুওৱাত আৰক্ষীয়ে প্ৰহাৰ কৰে  আছু–অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীক।
আৰু চাওক
পৰৱৰ্তী বাতৰি