গণৰাজ্য দিৱসৰ দিনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আঙুৰলতা ডেকাক ক’লা পতাকা প্ৰদৰ্শন

News18 Assam | News18-Assam
Updated:January 26, 2020, 1:02 PM IST
গণৰাজ্য দিৱসৰ দিনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আঙুৰলতা ডেকাক ক’লা পতাকা প্ৰদৰ্শন
গণৰাজ্য দিৱসৰ দিনাও ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

গণৰাজ্য দিৱসৰ দিনাও ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। গণৰাজ্য দিৱসৰ দিনাও ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। নগাঁৱত গণৰাজ্য় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে যোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক CAA বিৰোধী প্ৰতিবাদকাৰীয়ে প্ৰদৰ্শন কৰে ক’লা পতাকা।

হিমন্ত বিশ্ব শৰ্মাক কলা পতাকা প্ৰদৰ্শন কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাওঁ জিলা সমিতিৰ উপদেষ্টা মনোজ সিংহ ৰাজা, সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, ক্ৰীড়া সম্পাদক দীপাংকৰ শৰ্মা, নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকনৰ লগতে নগাঁওৰ যুৱ-ছাত্ৰ পৰিষদৰ বহু সদস্যক আৰক্ষীয়ে আটক কৰিছে।

ইফালে গণৰাজ্য দিৱসৰ দিনাই বিধায়িকা আঙুৰলতা ডেকাও ক’লা পতাকাৰ সন্মুখীন হ’ল। মুঠৰ ওপৰত এইবাৰ গণৰাজ্য দিৱস বৰ বিশেষ সুখকৰ নহ’ল বিজেপিৰ মন্ত্ৰী বিধায়কৰ বাবে!
আৰু চাওক
পৰৱৰ্তী বাতৰি