কোন দিশে CAA বিৰোধী আন্দোলন? জ্যেষ্ঠ ‘জাতীয়তাবাদী’ নেতাৰ BJPত যোগদান

News18 Assam | News18-Assam
Updated:February 5, 2020, 4:06 PM IST
কোন দিশে CAA বিৰোধী আন্দোলন? জ্যেষ্ঠ ‘জাতীয়তাবাদী’ নেতাৰ BJPত যোগদান
কোন দিশে গতি কৰিছে ৰাজ্যৰ CAAবিৰোধী আন্দোলন? 

কোন দিশে গতি কৰিছে ৰাজ্যৰ CAAবিৰোধী আন্দোলন? 

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি এতিয়াও অব্যাহত আছে প্ৰতিবাদ। কিন্তু আগতকৈ যেন কিছু পৰিমাণে কমিছে আন্দোলনৰ জোৰ।  ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰি আন্দোলনৰ জোৰ কিছু পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হৈছে।

তাৰ মাজতেই এইবাৰ বিজেপিত যোগদান কৰিছে  উজনি অসমৰ "কা" বিৰোধী আন্দোলনৰ অন্যতম নেতৃত্ব বহনকাৰী, জ্যেষ্ঠ জাতীয়তাবাদী নেতা তথা সদৌ অসম মটক সন্মিলনীৰ সাধাৰণ সম্পাদক কাজল গোহাঁইয়ে। বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত গোহাঁইয়ে আজি চাবুৱাত সদল-বলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

গোঁহাইয়ে বিজেপিত যোগদান কৰাৰ পিছতে চৌদিশে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। বহুতে প্ৰশ্ন কৰিছে কোন দিশে গতি কৰিছে ৰাজ্যৰ CAAবিৰোধী আন্দোলন?  অসমীয়া ভাষা, সংস্কৃতিৰ প্ৰতি নাগৰিকত্ব সংশোধনী আইন ভাবুকি স্বৰূপ বুলি দাবী কৰি ৰাজপথত সৌ সিদিনালৈকে আন্দোলন কৰি মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, প্ৰধানমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰা ‘জাতীয়তাবাদী’ নেতাজনৰ বিজেপিত যোগদানে যে, CAA বিৰোধী আন্দোলনত যথেষ্ট প্ৰভাৱ পেলাব সেয়া নিশ্চিত।
আৰু চাওক
পৰৱৰ্তী বাতৰি