সঁচাকৈয়ে দুৰ্দান্ত অভিনেতা! ‘কা’ৰ বিৰোধিতাৰে বিজেপি ত্যাগ কৰাৰ পৰা বুথ কমিটীৰ ওচৰত ক্ষমা বিচাৰি বিজেপিমুখী হোৱালৈকে’- ‘আৱেগিক’ যতীন বৰাৰ দীঘলীয়া পৰিক্ৰমা!

News18 Assam | News18-Assam
Updated:August 18, 2020, 12:40 PM IST
সঁচাকৈয়ে দুৰ্দান্ত অভিনেতা! ‘কা’ৰ বিৰোধিতাৰে বিজেপি ত্যাগ কৰাৰ পৰা বুথ কমিটীৰ ওচৰত ক্ষমা বিচাৰি বিজেপিমুখী হোৱালৈকে’- ‘আৱেগিক’ যতীন বৰাৰ দীঘলীয়া পৰিক্ৰমা!
তেতিয়াৰ আৰু এতিয়াৰ যতীন বৰা, বিচাৰ কৰক ৰাইজে

তেতিয়াৰ আৰু এতিয়াৰ যতীন বৰা, বিচাৰ কৰক ৰাইজে

  • Share this:
সোমবাৰে একেবাৰে বুথ পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্বলৈকে, সকলোৰে ওচৰত ক্ষমা বিচাৰি আকৌ গেৰুৱা বসন পৰিধান কৰিলে অভিনেতা যতীন বৰাই। আৱেগৰ বশৱৰ্তী হৈ বিজেপি ত্যাগ কৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত যোগ দিছিল হেনো যতীন বৰাই। আৰু অৱশেষত আবেগ পৰিহাৰ কৰি বিবেকেৰে ল’লে আকৌ বিজেপি গমনৰ সিদ্ধান্ত!



‘বিজেপি দলত আছিলো, আছো আৰু আগলৈও থাকিম’- সোমবাৰে স্পষ্ট ৰূপত ক’লে যতীন বৰাই। কিন্তু এই কথা কিমান সঁচা? সঁচাকৈ বিজেপি দলত আগৰ পৰাই আছিল নে যতীন বৰা? অগপ চৰকাৰৰ দিনত অগপত, কংগ্ৰেছৰ দিনত একেবাৰে ৰকিবুল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰি বিজেপি ত্যাগ কৰা লৈকে, কি আছিল এয়া? চল চাই কঁঠিয়া পৰাত সিদ্ধহস্ত বুলি সততে অভিযোগ উঠে যতীন বৰাৰ বিৰুদ্ধে। কিন্তু এই অভিযোগ যেন এতিয়া নিজেই সঁচা প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে ‘অভিনেতা’ যতীনে।

‘আমি কা নামানো নামানো নামানো, অসমীয়া ৰাইজৰ বাবেই যতীন বৰা হৈছো, অসমীয়া ৰাইজৰ লগত সদায় আছো, থাকিম’

তেতিয়া কা’ বিৰোধী আন্দোলন পূৰ্ণগতিত চলি আছিল ৰাজ্যত। তাৰ মাজতে তেজপুৰত প্ৰতিবাদী ৰাইজৰ ৰোষত পৰিল যতীন। জুবিন গাৰ্গেও ক’লে, যতীন বৰা ‘চৰকাৰী মানুহ’।, ছচিয়েল মিডিয়াতো তীব্ৰ ককৰ্থনা! উপায় নাই, চৰকাৰী চকীখন যেনে তেনে এৰি কা’বিৰোধী প্ৰতিবাদত যোগ দি ক’লে- ‘আমি কা নামানো নামানো নামানো, অসমীয়া ৰাইজৰ বাবেই যতীন বৰা হৈছো, অসমীয়া ৰাইজৰ লগত সদায় আছো, থাকিম, ত্যাগ কৰিলো বিজেপি দল’। কিন্তু সেয়া এতিয়া অতীত হ’ল। ট্ৰাকে ট্ৰাকে বিদেশী আনিব বুলি ভাবি আৱেগতহে লৈছিল হেনো বিজেপি ত্যাগৰ সিদ্ধান্ত। এতিয়া বিশ্বাস আহিল যে, অসমীয়াৰ স্বাৰ্থ ৰাখিব কেৱল বিজেপি দলেহে। গতিকে আকৌ যতীন হ’ল বিজেপি মুখী।



জীৱনৰ প্ৰতি ভাবুকি অহাত হে ত্যাগ কৰিছিল বিজেপি দলঃ

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জপিয়াই পৰিছিল অসমৰ সৰ্বস্তৰৰ লোক। আইন বিৰোধী প্ৰতিবাদকাৰীয়ে ঘৰ, সংসাৰ, পৰিয়ালৰ ওপৰত জপিয়াই পৰিব বুলি ভাবি বা জীৱনলৈ অহা ভাবুকি মষিমূৰ কৰিবলৈহে যতীন বৰাই ত্যাগ কৰিছিল বিজেপি দল।



মাত্ৰ ছমাহৰ ব্যৱধান। প্ৰত্যাশিত ভাবেই সলনি হ’ল যতীন বৰা! সোমবাৰে বিজেপিৰ ওচৰত ভুল স্বীকাৰ কৰি লিখি অনা কথাবোৰ পঢ়ি শুনালে যতীন বৰাই। পত্ৰত লিখিলে- ‘নাই কোনো ৰাজনৈতিক উদ্দেশ্য। কেৱল শিল্পীসকলৰ উন্নতিৰ কথা ভাবিহে আকৌ বিজেপিলৈ আহিছো।’
Published by: Himangshu Bhuyan
First published: August 17, 2020, 8:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading