কৃষক নেতা অখিল গগৈক মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ দাবীত বৃহস্পতিবাৰে মৰাণত ৰূপায়ন কৰা হয় এক সাংস্কৃতিক প্ৰতিবাদৰ কাৰ্যসূচী। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰূপায়ন কৰা এই কাৰ্যসূচীত গীত-মাত-কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে বহুজনে৷
অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী মাধৱ ৰঞ্জনৰ লগতে কেইবাগৰাকী কন্ঠশিল্পীয়ে গীত পৰিবেশন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ লগতে কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবী জনায়। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক বুধিন সোণোৱাল, সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক দেৱেন ওৰাঙৰ লগতে আহোম জাতীয় গণ মঞ্চ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবাগৰাকী বিষয়ববীয়াই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।
প্ৰতিবাদকাৰী সকলে শীঘ্ৰে অখিল গগৈৰ মুক্তি আৰু 'কা' বাতিল নকৰিলে পুনৰ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|