CAA বিৰোধী আন্দোলনে ক্ষতি কৰিছে ভ্ৰাম্যমান থিয়েটাৰ আৰু চিনেমা উদ্যোগকঃ যতীন বৰা

News18 Assam | News18-Assam
Updated:February 23, 2020, 4:12 PM IST
CAA বিৰোধী আন্দোলনে ক্ষতি কৰিছে ভ্ৰাম্যমান থিয়েটাৰ আৰু চিনেমা উদ্যোগকঃ যতীন বৰা
আন্দোলনৰ সমান্তৰালকৈ ৰাজ্যৰ সাংস্কৃতিক জগতখনক আগবঢ়াই নিয়াতো আমাৰ সকলোৰে দায়িত্বঃ যতীন বৰা

আন্দোলনৰ সমান্তৰালকৈ ৰাজ্যৰ সাংস্কৃতিক জগতখনক আগবঢ়াই নিয়াতো আমাৰ সকলোৰে দায়িত্বঃ যতীন বৰা

  • Share this:
‘ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে ক্ষতি কৰিছে ৰাজ্যৰ সাংস্কৃতিক জগতৰ। আন্দোলনৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে ভ্ৰাম্যমান থিয়েটাৰ আৰু চলচিত্ৰ উদ্যোগ। ৰাজ্য়ত চলিথকা পৰিস্থিতিৰ বাবে প্ৰযোজকে নতুনকৈ ছবি নিৰ্মাণ কৰিবলৈ সাহস কৰা নাই। এপ্ৰিলৰ মাজলৈকে চলা ভ্ৰাম্যমান থিয়েটাৰ চলিত বৰ্ষত প্ৰায় শেষ হও হও হৈছে।’– এই মন্তব্য জনপ্ৰিয় অভিনেতা যতীন বৰাৰ।

দেওবাৰে নলবাৰী আৰ্ট স্কুলত অনুষ্ঠিত জীৱন শিল্পী দিৱসৰ বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈ অভিনেতা গৰাকীয়ে সাংবাদিকৰ আগত এনেদৰে বক্তব্য প্ৰদান কৰে । উল্লেখ্য যে জীৱন শিল্পী আদ্য শৰ্মাৰ পঞ্চম মৃত্যু তিথি উপলক্ষে দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত"জীৱন শিল্পী দিৱস'' ত অভিনেত্ৰী সীমা বিশ্বাসৰ মাতৃ তথা প্ৰবীণ অভিনেত্ৰী মীৰা বিশ্বাসক চলিত বৰ্ষৰ "গুৰুজী আদ্য শৰ্মা" বঁটা প্ৰদান কৰা হয় ।
Published by: Himangshu Bhuyan
First published: February 23, 2020, 3:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading