কা’ৰ বিৰুদ্ধে জোৰদাৰ আন্দোলনৰ হুংকাৰ আছুৰ, শ্বহীদ ন্যাসত উত্তোলন কৰিলে ক’লা পতাকা

News18 Assam | News18-Assam
Updated:December 11, 2020, 2:53 PM IST
কা’ৰ বিৰুদ্ধে জোৰদাৰ আন্দোলনৰ হুংকাৰ আছুৰ, শ্বহীদ ন্যাসত উত্তোলন কৰিলে ক’লা পতাকা
Source-Google

২০১৯ৰ ১০ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তৰ পূৱ ছাত্ৰ সন্থাই ঘোষণা কৰিছিল বন্ধ কাৰ্যসূচী।

  • Share this:
২০১৯ৰ ১০ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তৰ পূৱ ছাত্ৰ সন্থাই ঘোষণা কৰিছিল বন্ধ কাৰ্যসূচী। প্ৰৱল প্ৰতিবাদৰ পিছতো কেন্দ্ৰীয় চৰকাৰে সংসদত গৃহীত কৰিছিল কা’। আৰু আজি কা’ গৃহীত হোৱা সম্পূৰ্ণ এটা বছৰ হ’ল। ফলত আজিৰ দিনটোত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ক’লা দিৱস উদযাপন কৰিছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাই। সেইদৰে সদৌ অসম ছাত্ৰ সন্থাইয়ো আজিৰ দিনটোত শ্বহীদ ন্যাসত ক’লা পতাকা উত্তোলন কৰিছে।

পতাকা উত্তোলন কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কেন্দ্ৰৰ বিৰুদ্ধে পুনৰ দিছে হুংকাৰ ৷ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, ‘CAA আমি নামানো ৷ দেশৰ সাতখন ৰাজ্যই একেলগে প্ৰতিবাদ কৰাটোৱেই ডাঙৰ প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰীয়ে কৈছে কৃষকসকলে অহিংস আন্দোলন কৰিব লাগে ৷ আমি অহিংস আন্দোলন কৰি আছো ৷ তেন্তে, কেন্দ্ৰই কিয় শুনা নাই আমাৰ কথা?’

CAA বিৰোধী অহিংস আন্দোলন সকলোতে চলিছিল। পথাৰ-ৰাজপথ সকলোতে চলিছিল আন্দোলন ৷ সেই আন্দোলন অহিংসভাৱে তীব্রতৰ হৈছিল৷ কাৰণ শিক্ষাৰ্থীয়ে এইবাৰ আন্দোলনৰ সমান্তৰাল ভাবে অধ্যয়নো কৰিছিল। অসম চৰকাৰে দিল্লীৰ ওচৰত আঁঠু লৈছে। জাতিদ্ৰোহী CAAৰ সপক্ষে থিয় হৈছে ৰাজ্য চৰকাৰ। ইনাৰ লাইন পাৰ্মিট থকা আৰু ষষ্ঠ অনুসূচীৰ বাবে যদি CAA বেয়া, তেন্তে আমাৰ বাবে কেনেকৈ ভাল?’ এই মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।
Published by: Himangshu Bhuyan
First published: December 11, 2020, 2:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading