ছচিয়েল মিডিয়াত CAA বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি

News18 Assam | News18-Assam
Updated:December 20, 2019, 12:35 PM IST
ছচিয়েল মিডিয়াত CAA বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি
নিজৰ জাতি, নিজৰ ভাষা–সংস্কৃতি ৰক্ষাৰ যুঁজত ৰাজপথলৈ ওলাই আহি আৰক্ষী গুলী বুকু পাতি লৈছিল দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, দীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলিমে।

নিজৰ জাতি, নিজৰ ভাষা–সংস্কৃতি ৰক্ষাৰ যুঁজত ৰাজপথলৈ ওলাই আহি আৰক্ষী গুলী বুকু পাতি লৈছিল দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, দীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলিমে।

  • News18 Assam
  • Last Updated: December 20, 2019, 12:35 PM IST
  • Share this:
জাতিৰ হকে আৰক্ষীৰ গুলী বুকু পাতি লৈ শ্বহীদ হ’ল ৰাজ্যৰ ৫জনকৈ যুৱক। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ সময়তে আৰক্ষীৰ গুলীত প্ৰাণ গৈছিল ৫জনকৈ সুঠাম যুৱকে। নিজৰ জাতি, নিজৰ ভাষা–সংস্কৃতি ৰক্ষাৰ যুঁজত ৰাজপথলৈ ওলাই আহি আৰক্ষী গুলী বুকু পাতি লৈছিল দীপাঞ্জল দাস, ছেম ষ্টেফৰ্ড, দীজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক আৰু আব্দুল আলিমে। আই অসমীৰ হৈ মৃত্যুক সাবটি লোৱা আটাইকেইগৰাকীকে শ্বহীদ ঘোষণা কৰিছিল আছু, AJYCPসহ বিভিন্ন দল–সংগঠনে।

বৃহস্পতিবাৰে অনুষ্ঠিত হয় এই আন্দোলনৰ প্ৰথমজন শ্বহীদ দীপাঞ্জল দাসৰ আদ্যশ্ৰাদ্ধ। ছয়গাঁৱৰ দলৈপাৰা গাঁৱত অনুষ্ঠিত আদ্যশ্ৰাদ্ধত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰি দীপাঞ্জল দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দলৈপাৰা গোসাঁইঘৰ প্ৰাংগণত অনুষ্ঠিত স্মৃতিচাৰণ সভাত বহুসংখ্যক বিশিষ্ট লোকৰ লগতে শিল্পী–সাহিত্যিকেও অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে বিধায়ক ৰেকিবুদ্দিন আহমেদে দীপাঞ্জলৰ পৰিয়াললৈ ৫১ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। আনহাতে, দীপাঞ্জলৰ সমাধিস্থলীত শ্বহীদ বেদী নিৰ্মাণৰ বাবে বিধায়ক উন্নয়ন পুঁজিৰ পৰা ২ লাখ টকা আৰু দীপাঞ্জল দাসৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণৰ বাবে ৫ লাখ টকা আগবঢ়োৱা হ’ব বুলিও ঘোষণা কৰে বিধায়কজনে। অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীও।

১২ ডিচেম্বৰত আৰক্ষীৰ গুলীত নিহত হৈছিল দীপাঞ্জল দাস। সন্ধিয়া আন বন্ধুৰ সৈতে প্ৰতিবাদস্থলীলৈ ওলাই গৈছিল ১৮ বছৰীয়া যুৱকজন। জাতিধ্বংসী আইনৰ বিৰুদ্ধে ভাষা–সংস্কৃতি ৰক্ষা কৰাৰ আন্দোলনত অংশ লোৱা যুৱকজনে হয়তো ভবাই নাছিল সেয়াই তেওঁৰ জীৱনৰ বিয়লি বেলা। মহানগৰীৰ জি এছ ৰোডৰ লাচিত নগৰত নিৰাপত্তা বাহিনীৰ গুলীত ঢলি পৰে দীপাঞ্জল। ছয়গাঁৱৰ দলৈপাৰাৰ যুৱকজনৰ পিতৃ পেছাত এজন ৰিক্সাচালক। পিতৃ–মাতৃ, ভাই–ভনী সহিতে বৃহৎ পৰিয়ালটোৰ প্ৰয়োজন পূৰণ কৰিবলৈ লাচিত নগৰৰ সৈনিক ভৱনত কাম কৰি আছিল দীপাঞ্জলে।

প্ৰতিবাদত অংশ লোৱাৰ সময়ত গুলী খাই অসহ্য যন্ত্ৰণাত ৰাজপথত ছটফটাই বাগ পৰিছিল দীপাঞ্জলে। এখন স্কুটীৰ সন্মুখত ঢলি পৰা দীপাঞ্জলক এম্বুলেন্স নথকাত স্কুটীখনেৰেই জিএমচিএইছলৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন হোৱাৰ কিছু সময় পিছতে যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে।

আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনত শ্বহীদ হয় ওদালগুৰিৰ পৰমেশ নায়ক ওৰফে ঈশ্বৰ। ওদালগুৰিৰ মাজুলী বাগানত ঘৰ নিহত পৰমেশ নায়কৰ। ডাউন টাউনত গুলীবিদ্ধ হোৱা পৰমেশক ভৰ্তি কৰোৱা হৈছিল GMCHত। কিন্তু হাস্পতালত চকু মুদিছিল ঈশ্বৰে।

জাতিৰক্ষাৰ এই যুঁজ প্ৰাণ আহুতি দিছিল আন তিনি যুৱক ক্ৰমে ছেম ষ্টেফৰ্ড, দীজেন্দ্ৰ পাংগিং আৰু আব্দুল আলিমে। হাতীগাঁৱত আৰক্ষীৰ গুলীত প্ৰাণ গৈছিল ছেম ষ্টেফৰ্ডৰ। আনহাতে ডিব্ৰুগড়ত আৰক্ষীৰ গুলী বুকু পাতি লৈছিল দীজেন্দ্ৰ পাংগিঙে। সেইদৰে লখৰাত মৃত্যুক সাবটি লৈছিল আব্দুল আলিমে।

বিগত ৯ দিন ধৰি ৰাজ্যত বন্ধ হৈ আছিল ম’বাইল ইণ্টাৰনেট সেৱা। আজি পুৱা ৯ বজাৰ পৰা ম’বাইল ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ পিছতে পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাইছে বিভিন্ন লোকে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: December 20, 2019, 12:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading