দীৰ্ঘদিন ধৰি তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে তিনিওখন আইন খাৰিজ কৰিব বুলি কোৱাৰ পিছতে CAAখনো প্ৰত্যাহাৰ হ'ব বুলি বিশ্বাসত লৈছে একাংশ দল সংগঠনে।
দীৰ্ঘদিন ধৰি তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে তিনিওখন আইন খাৰিজ কৰিব বুলি কোৱাৰ পিছতে CAAখনো প্ৰত্যাহাৰ হ'ব বুলি বিশ্বাসত লৈছে একাংশ দল সংগঠনে।
CAAক লৈ এতিয়া পুনৰ চলিছে চৰ্চা ৷ কৃষক আন্দোলন সফল হ'ল ৷ তিনিখনকৈ কৃষি আইন বাতিল কৰা হ'ব বুলি আশ্বাস দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কিন্তু কা আন্দোলনে নেদেখিলে সফলতাৰ মুখ ৷ আন্দোলনকাৰী পৰৱৰ্তী সময়ত ৰাজনীতিৰ সৈতে জড়িত হৈ পৰাত আন্দোলন হৈ পৰিল স্থগিত ৷ নিজৰ মতত অটল থাকি ইটোৰ পিছত সিটো নিৰ্বাচনত জয়ী হ'ল শাসকীয় দল ৷ কা আন্দোলনৰ কথা ওলালেই সেয়ে মুখ্যমন্ত্ৰীৰ পৰা অধিকাংশ শাসকীয় দলৰ নেতা নেত্ৰীৰ মুখত শুনা পোৱা যায় গৈছে এনে মন্তব্য—
মুখ্যমন্ত্ৰীঃ আন্দোলন কৰিবলৈ এতিয়া ৰাজপথলৈ কোনো ওলাই নাহে ৷ আন্দোলনৰ পৰিৱেশ অসমত নাই এতিয়া ৷
আঙুৰলতা ডেকা: কা আন্দোলন নাটক আছিল ৷ বহুতে নাটকহে কৰিছিল আন্দোলনৰ নামত ৷
বিদ্যা সাগৰ: আন্দোলনত আমি ভাগ লোৱা নাছিল ৷ কোনে কি কৰিছিল সকলোৱে দেখিছে৷
এতিয়া মুখ্যমন্ত্ৰী তথা বিজেপিক উভতি ধৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ মুখ্যমন্ত্ৰীক আবোল-তাবোল নবকিবলৈ সকীয়নি দিলে লুৰিণজ্যোতি গগৈয়ে ৷ পুনৰ ৰাইজে বিচাৰিলে কা আন্দোলনৰ নেতৃত্ব ল'বলৈ সাজু লুৰিণজ্যোতি, অখিল গগৈ ৷
প্ৰয়োজনত বিধায়ক পদ এৰিবলৈও সাজু শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ পিছে অখিল গগৈৰ নেতৃত্ব নিবিচাৰ AIUDFৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ৷ অখিল গগৈৰ নাম শুনিয়েই জাঙুৰ খাই উঠি ক'লে, 'বাদ দিয়কহে অখিল গগৈৰ কথা ৷'
ইফালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আক' মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আন্দোলনকাৰী নেতাই সাংসদ বিধায়ক হ'বলৈহে আন্দোলন কৰে বুলি কোৱাৰ প্ৰত্যুত্তৰত ক'লে,'পুৰণি ঘা খুচৰিব খোজা নাই ৷'এতিয়া কথা হ'ল আন্দোলন বাৰু হ'বই কিন্তু কাৰ নেতৃত্বত? কোনোবাই যদি অখিল গগৈক নিবিচাৰে কোনোবাই নিবিচাৰে লুৰিণজ্যোতি গগৈক ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|