নাগৰিকত্ব আইন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ আবেদনসমূহৰ পৃথককৈ শুনানি হ’ব বুলি জনাইছে উচ্চতম ন্যায়ালয়ে।
শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অসমৰ পৰিস্থিতি সুকীয়া বুলিও বিশেষ মন্তব্য কৰে। সেইদৰে কেন্দ্ৰীয় চৰকাৰক চাৰি সপ্তাহৰ সময়সীমা বান্ধি দিছে উচ্চতম ন্যায়ালয়ে। বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি আজি আন্ত পৰাৰ পিছতে বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। া আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টোৰ পৰা উচ্চ ন্যায়ালয়ক আঁতৰাই ৰখাৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য–‘ অসমৰ পৰিবেশ পৰিস্থিতি দেশৰ অন্য ৰাজ্যতকৈ পৃথক। গতিকে CAAবাতিল হ’ব লাগিব। ৰাজপথতো শৃংখলাবদ্ধ, গণতান্ত্ৰিক প্ৰতিবাদ চলি থাকিব। ৰাজনৈতিক বিকল্পৰ কথা এতিয়া নহয়, প্ৰথম লক্ষ্য CAA বাতিল কৰা।’
আছুৰ সভাপতি দিপাংক নাথ–‘ ন্যায়ালয়ৰ ওপৰত আমাৰ গভীৰ বিশ্বাস আছে। CAA বাতিল হ’ব বুলি আমি আশাবাদী। আঁইনী যুজৰ সমান্তৰালকৈ চলি থাকিব ৰাজপথৰ আন্দোলন।’
আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ– ‘ৰাজপথৰ সংগ্ৰাম তীব্ৰতৰ হ’ব। ৰাইজে যেনেদৰে বিচাৰিব আছু তেনেদৰে আগবাঢ়িব। চৰকাৰ ওফৰি নোযোৱা পৰ্যন্ত সংগ্ৰাম চলি থাকিব।’
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ–‘এই আইনখন সমগ্ৰ দেশৰ বাবেই অসাংবিধানিক। ব্যক্তিগত ভাবে অসম সন্দৰ্ভত পৃথক ৰায়দান পোষকতা নকৰো’।
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত–‘ উচ্চতম ন্য্য়ালয়ৰ ৰায়দান লৈ আমি অপেক্ষা কৰিব লাগিব।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|