CAA সন্দৰ্ভত অসম তথা উত্তৰ–পূৰ্বাঞ্চল আৰু উত্তৰ প্ৰদেশৰ বাবে পৃথক বিচাৰপীঠ। অসম লগত জড়িত প্ৰশ্নৰ উত্তৰ দিবলৈ কেন্দ্ৰক ৪ সপ্তাহৰ সময়সীমা উচ্চতম ন্যায়ালয়ৰ।
অধিবক্তা কপিল সীবালে আপীল কৰে যে, সমগ্ৰ বিষয়টো সাংবিধানিক বিচাৰপীঠক অৰ্পণ কৰিব লাগে। উত্তৰ প্ৰদেশত CAA ৰ প্ৰক্ৰিয়া আৰম্ভণীৰে পৰা চলি আছে, ফলত ইয়াক তিনি মাহৰ বাবে স্থগিত কৰি লাগে। কিন্তু ন্যায়ালয়ে অস্বীকাৰ কৰে।
নাগৰিকত্ব সংশোধনী আইনৰ বিষয়টোৰ পৰা উচ্চ ন্যায়ালয়ক আঁতৰাই ৰখাৰ নিৰ্দেশ।
অধিবক্তাই আপীল কৰিছিল যে, নাগৰিকত্ব সংশোধনী আইন অতি সোনকালে বাতিল কৰিব লাগে। কিন্তু মুখ্য ন্যায়াধীশে কয় যে, এই বিষয়ত কেৱল সাংবিধানিক বিচাৰপীঠে হে সিদ্ধান্ত ল’ব।
উচ্চতম ন্যায়ালয়ত এই বিষয়টো সন্দৰ্ভত নতুন আবেদন কৰিব পৰা যাব। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছিল যে, নতুন আবেদন কৰা বন্ধ কৰিব লাগে।