• Home
  • »
  • News
  • »
  • assam
  • »
  • CAA আহিব নেকি ? কেন্দ্ৰই বিধি প্রস্তুত কৰিবলৈ অধিক সময় বিচাৰি সংসদীয় কমিটীলৈ প্ৰেৰণ কৰিছে পত্ৰ ...

CAA আহিব নেকি ? কেন্দ্ৰই বিধি প্রস্তুত কৰিবলৈ অধিক সময় বিচাৰি সংসদীয় কমিটীলৈ প্ৰেৰণ কৰিছে পত্ৰ ...

নাগৰিকত্ব সংশোধনী আইন দেশত প্ৰযোজ্য হ’বনে ? কেন্দ্ৰত শাসক দল  ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম বংগ দখলৰ স্বপ্ন ভংগ হোৱাৰ পিছত এই প্ৰশ্নৰ অৱতাৰণা হৈছে বিভিন্ন মহলত ।

নাগৰিকত্ব সংশোধনী আইন দেশত প্ৰযোজ্য হ’বনে ? কেন্দ্ৰত শাসক দল  ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম বংগ দখলৰ স্বপ্ন ভংগ হোৱাৰ পিছত এই প্ৰশ্নৰ অৱতাৰণা হৈছে বিভিন্ন মহলত ।

নাগৰিকত্ব সংশোধনী আইন দেশত প্ৰযোজ্য হ’বনে ? কেন্দ্ৰত শাসক দল  ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম বংগ দখলৰ স্বপ্ন ভংগ হোৱাৰ পিছত এই প্ৰশ্নৰ অৱতাৰণা হৈছে বিভিন্ন মহলত ।

  • Share this:
নাগৰিকত্ব সংশোধনী আইন দেশত প্ৰযোজ্য হ’বনে ? কেন্দ্ৰত শাসক দল  ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম বংগ দখলৰ স্বপ্ন ভংগ হোৱাৰ পিছত এই প্ৰশ্নৰ অৱতাৰণা হৈছে বিভিন্ন মহলত । আইনখনৰ বিৰোধিতা কৰি আন্দোলনৰ পন্থা লোৱা অখিল গগৈক শিৱসাগৰৰ ৰাইজে বিধায়ক হিচাপে নিৰ্বাচিত কৰা কাৰ্যও আইন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত এক প্ৰশ্ন চিহ্ন সৃষ্টি কৰিছে বুলি ক’ব বিচাৰে ৰাজনৈতিক বিশ্লেষকে ।

তাৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে CAA সম্বন্ধীয় বিধি প্ৰস্তুত কৰিবলৈ অধিক সময় বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে সংসদীয় কমিটীলৈ । দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইক’নমিক টাইম্ছত গৃহ মন্ত্ৰণালয়ৰ বিষয়াৰ উদ্ধৃতি দি কোৱা হৈছে – “Covid-19 মহামাৰীৰ ফলত দেশত সৃষ্টি হোৱা পৰিৱেশৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সংসদীয় কমিটীলৈ  সময়সীমা  বৃদ্ধিৰ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছে ।“

উল্লেখযোগ্য যে, পূৰ্বতে গৃহ মন্ত্ৰণালয়ক বিধি প্ৰস্তুত কৰিবলৈ লোকসভাৰ Subordinate Legislation Committeeএ ৯এপ্ৰিল আৰু ৰাজ্যসভাৰ Subordinate Legislation Committeeএ ৯জুলাইৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল । গৃহ মন্ত্ৰণালয়ৰ বিষয়াজনে উল্লেখ কৰা মতে এই নতুন অনুৰোধ সংসদীয় কমিটী দুখনে মানি লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

যোৱা বছৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে Covid-19ৰ প্ৰতিষেধক প্রদানৰ প্ৰক্ৰিয়া অন্ত পৰাৰ পিছতে বিধি প্ৰস্তুত হ’ব বুলি ঘোষণা কৰিছিল । এই বছৰ পশ্চিম বংগৰ বিধান সভা নিৰ্বাচনী প্ৰচাৰতো গৃহমন্ত্ৰী গৰাকীয়ে বিজেপি শাসনলৈ আহিলে প্ৰথমখন কেবিনেট বৈঠকতে CAA কাৰ্যকৰী কৰাৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰিছিল । ২০১৯চনৰ ডিচেম্বৰ মাহত সংসদৰ উভয় সদনত CAA গৃহীত হৈছিল ।
Published by:Kokil Sarma
First published: