உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ এতিয়া যেন এক সপোন! মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব সঞ্জীৱ গগৈ, জনালে অখিল গগৈয়ে

    বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ এতিয়া যেন এক সপোন! মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব সঞ্জীৱ গগৈ, জনালে অখিল গগৈয়ে

    ইফালে আজিৰ দিনটোতে কংগ্ৰেছ দলেও নিৰ্ধাৰণ কৰিব আগন্তুক উপ নিৰ্বাচনৰ সন্দৰ্ভত দলটোৰ স্থিতি।

    ইফালে আজিৰ দিনটোতে কংগ্ৰেছ দলেও নিৰ্ধাৰণ কৰিব আগন্তুক উপ নিৰ্বাচনৰ সন্দৰ্ভত দলটোৰ স্থিতি।

    ইফালে আজিৰ দিনটোতে কংগ্ৰেছ দলেও নিৰ্ধাৰণ কৰিব আগন্তুক উপ নিৰ্বাচনৰ সন্দৰ্ভত দলটোৰ স্থিতি।

    • Share this:
    বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ এতিয়া যেন এক সপোন! অৱশেষত মৰিয়নি সমষ্টিৰ বাবে ৰাইজৰ দলে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। সঞ্জীৱ গগৈয়ে সমষ্টিটোত বিজেপি প্ৰাৰ্থীক জনাব প্ৰত্যাহ্বান। শুকুৰবাৰে এই ঘোষণা কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

    অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি কয় যে, 'বিৰোধীৰ ঐক্যবদ্ধ প্ৰাৰ্থী নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাইজৰ দলে বহু অপেক্ষা কৰিলে । কংগ্ৰেছে এতিয়াও জমিদাৰী চলাই থকাই দৰে দৃষ্টিভংগী গ্ৰহণ কৰি আছে। ২০২১ ৰ নিৰ্বাচনতো বিৰোধীৰ ঐক্যৰে একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা হৈছিল। ২১ৰ নিৰ্বাচনত কংগ্ৰেছে আমাক বিশ্বাঘাতকতা কৰিলে। এইবাৰো আমি বহু অপেক্ষা কৰিলো। বহু কথা বতৰা হোৱাৰ পিছতো তেওঁলোকে কথাবোৰ পিছুৱাই আছে।'

    ইফালে আজিৰ দিনটোতে কংগ্ৰেছ দলেও নিৰ্ধাৰণ কৰিব আগন্তুক উপ নিৰ্বাচনৰ সন্দৰ্ভত দলটোৰ স্থিতি। আজি AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে দলটোৰ শীৰ্ষ নেতৃত্বই চূড়ান্ত কৰিব উপ নিৰ্বাচনত কংগ্ৰেছক প্ৰাৰ্থী তালিকা। কিন্তু তাৰ পূৰ্বে অসম জাতীয় পৰিষদে কংগ্ৰেছৰ নেতৃত্বক সাক্ষাত কৰাৰ প্ৰসংগই এতিয়া নতুন মাত্ৰা প্ৰদান কৰিছে। শুনিবলৈ পোৱা মতে, মৰিয়নি সমষ্টি কংগ্ৰেছ দলে অসম জাতীয় পৰিষদক এৰি দিলেও আচৰিত হ'বলগীয়া একো নাথাকিব।
    Published by:Himangshu Bhuyan
    First published: