• Home
  • »
  • News
  • »
  • assam
  • »
  • 'জ্যোতিষীয়ে দিছে আঙুঠি, নমৰালৈকে মৰিয়নিত জিকি থাকিব ৰূপজ্য়োতি কুৰ্মী'- এতিয়া সেই আঙুঠি পিন্ধাৰ মন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

'জ্যোতিষীয়ে দিছে আঙুঠি, নমৰালৈকে মৰিয়নিত জিকি থাকিব ৰূপজ্য়োতি কুৰ্মী'- এতিয়া সেই আঙুঠি পিন্ধাৰ মন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

স্বভাৱসুলভ ভাষাৰে ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীৰ হৈ সোমবাৰে চাৰিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷

স্বভাৱসুলভ ভাষাৰে ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীৰ হৈ সোমবাৰে চাৰিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷

স্বভাৱসুলভ ভাষাৰে ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীৰ হৈ সোমবাৰে চাৰিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷

  • Share this:
'মৰিয়নিৰ পৰা বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী জিকিবই ৷ জ্যোতিষীয়ে কৈয়ে দিলে আৰু আঙুঠিও দিছে ৰূপজ্যোতিক ৷ নমৰালৈকে ৰূপজ্যোতি কুৰ্মী জিকিয়েই থাকিব ৷' এই কথা সোমবাৰে মৰিয়নিত সদৰি কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে দিল্লী-দিছপুৰত চৰকাৰ নথকা দলক ৰাইজে কেতিয়াও ভোট নিদিয়ে বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে ৷

সোমবাৰে মৰিয়নিত দলীয় প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে- “ৰূপজ্যোতি কুৰ্মী জিকিবই জিকিব ৷ ৰূপজ্যোতি জিকিব বুলি কৈয়ে দিলে জ্যোতিষীয়ে৷ ৰূপজ্যোতিক জ্যোতিষীয়ে আঙুঠিও দিছে ৷ এনেকুৱা আঙুঠি আমাকো লাগে ৷ নিৰ্বাচনৰ পিছত ৰূপজ্যোতিৰ পৰা জ্যোতিষীজনৰ নাম ঠিকনা লৈ আপোনালোক সকলোৱে আঙুঠি একোটাকৈ লৈ ল'ব ৷”

নমৰা পৰ্যন্ত ৰূপজ্যোতি কুৰ্মী জিকিয়েই থাকিব ৷ এই দাবী কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই এইবাৰ বিৰোধীক টাৰ্গেট কৰি ক'লে- “দিল্লী-দিছপুৰত চৰকাৰ নোহোৱা দলক কোনে ভোট দিব? অসমত BJPৰ বাহিৰে কোনো দলে চৰকাৰৰ গঠনৰ আৰু সম্ভৱনা নাই ৷ সেই হিচাপত মৰিয়নিৰ ৰাইজে কাক ভোট দিব? ৰাইজেতো আমাকেই ভোট দিব ৷ নে কি কয় ৰাইজ?”

BJPৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক ভোট দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে- “এইবাৰ পদুমৰ চিনত ভোট দিব ৷ আগতে হাতত দিয়া সকলে এইবাৰ পদুমত ভোট দিয়ক ৷ পদুমত ভোট দিয়াসকলেতো দিবই, হাতৰ চিনত ভোট দিয়াসকলেও পদুমত ভোট দিব ৷”

এনেদৰেই স্বভাৱসুলভ ভাষাৰে ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীৰ হৈ সোমবাৰে চাৰিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি