আজি অসমৰ চাৰি সমষ্টিত উপ–নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ

পুৱা ৭ বজাৰ পৰা চাৰিওটা সমষ্টিতে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

News18-Assam
Updated:October 21, 2019, 7:43 AM IST
আজি অসমৰ চাৰি সমষ্টিত উপ–নিৰ্বাচন, পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ
পুৱা ৭ বজাৰ পৰা চাৰিওটা সমষ্টিতে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
News18-Assam
Updated: October 21, 2019, 7:43 AM IST
আজি অসমৰ চাৰিটা সমষ্টিত উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ। ৰাতাবাৰী, জনিয়া, ৰঙাপৰা আৰু সোণাৰি সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা চাৰিওটা সমষ্টিতে আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। নিৰ্বাচন উপলক্ষে সমষ্টিকেইটাত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। পুৱাৰে পৰা বিভিন্ন ভোটকেন্দ্ৰত দেখা গৈছে ভোটাৰৰ ভিৰ।

ৰাতাবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৬৪,৮৩০জন। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ৮৬,৩৩৭জন আৰু মহিলা ভোটাৰ ৭৮,৪৯৩গৰাকী। জনিয়া সমষ্টিত মুঠ ভোটাৰ ১,৮৮,২১৪জন। ইয়াৰে পুৰুষ ভোটাৰ ৯৮,৭১৮জন আৰু মহিলা ভোটাৰ ৮৯,৪৯৫ গৰাকী। আনহাতে, ৰঙাপৰা সমষ্টিত মুঠ ভোটাৰ ১,৫৫,২৬৭জন। পুৰুষ ভোটাৰ ৭৮,৮০৯জন আৰু মহিলা ভোটাৰ ৭৬,৪৫৮ গৰাকী। সোণাৰি সমষ্টিত মুঠ ভোটাৰকৰ সংখ্যা ১,৭০,৫৮৭জন। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ৮৭,২৩০জন আৰু মহিলা ভোটাৰ ৮৩,৩৫৭গৰাকী।

ৰাতাবাৰী সমষ্টিত ২০২টা ভোটকেন্দ্ৰ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। জনিয়া সমষ্টিত ভোটকেন্দ্ৰ আছে ২২৯টা। ৰঙাপৰা সমষ্টিত ১৯৭টা আৰু সোণাৰি সমষ্টিত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ২০২টা। ৪ সমষ্টিত মুঠ ৮৩০টা ভোটকেন্দ্ৰত পুৱাৰে পৰা অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

ৰঙাপৰাত পাঁচ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ই ভি এমত। জনীয়াত ১,৮৭,৯৮৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ সমষ্টিটোত কংগ্ৰেছৰ চামচুল হক, বিজেপিৰ তৌফিক ৰহমান আৰু এআইইউডিএফৰ হাফিজ ৰফিকুল ইছলামৰ মাজত হ’৸ব মুল যুঁজ৷

সোণাৰি সমষ্টিত নিৰ্ণয় হ’ব দুই প্ৰাৰ্থীৰ ভাগ্য। ১ লাখ ৭০ হাজাৰ ৩৪০ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব দুই প্ৰাৰ্থী ক্ৰমে কংগ্ৰেছ দলৰ সুশীল চুৰী আৰু বিজেপিৰ নৱনীতা সন্দিকৈৰ ভাগ্য। ইফালে, ৰাতাবাৰী সমষ্টিত চাৰিগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১,৬৪,৮৩০ গৰাকী ভোটাৰে।

আনহাতে, ৰঙাপৰা সমষ্টিত ১ লাখ ৫৪ হেজাৰ ৯৬৯ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে চি পি আই(এম)ৰ ৰয়েল ছৰেং, ছচিয়েলিষ্ট ইউনিটী চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট) পাৰ্টীৰ সঞ্জিত ৰাজবংশী, ভাৰতীয় গণ পৰিষদ দলৰ অৰূপ কুমাৰ চৌধুৰীৰ লগতে কংগ্ৰেছৰ কাৰ্তিক কুৰ্মী আৰু বিজেপিৰ ৰাজেন বৰঠাকুৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি