মূল্যবৃদ্ধি আৰু উচ্ছেদৰ প্ৰসংগ লৈ উপ-নিৰ্বাচনত ভোটাৰৰ কাষ চাপিব বদৰুদ্দিন আজমলৰ AIUDF ৷ পিছে পাঁচটা সমষ্টিৰ ভিতৰত দুটাত প্ৰাৰ্থীত্ব দিয়া AIUDFয়ে নিজৰ দখললৈ নিব পাৰিবনে দুয়োটা সমষ্টি?
৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পাঁচটা সমষ্টিৰ নিৰ্বাচনত এইবাৰ মহাজোঁট একত্ৰিত হৈ প্ৰতিদ্বন্দিতা কৰা নাই ৷ বিগ বাৰ্ডাৰ কংগ্ৰেছে মহাজোঁটৰ পৰা আঁতৰাই পঠিওৱাৰ পিছত অকলে উপ নিৰ্বাচনত অৱৰ্তীণ হোৱা AIUDFয়ে ৰাইজৰ কাষলৈ যাব দুটা ইছ্যুলৈ ৷ এটা হ'ল আকাশলংঘী মূল্যবৃদ্ধি ৷ আনটো হ'ল গৰুখুঁটিৰ উচ্ছেদ অভিযান ৷
এই দুটা ইছ্যুক নিৰ্বাচনী বিষয় কৰি ৰাইজৰ ওচৰলৈ ভোট বিচাৰি যাব বদৰুদ্দিন আজমলৰ AIUDF ৷ AIUDFৰ বিধায়ক কৰিম উদ্দিনৰ দাবী- “চৰকাৰে নিজৰ মানুহক গৰু-ছাগলীৰ দৰে ব্যৱহাৰ কৰিছে ৷ এই অমানৱীয় কাৰ্যক লৈ আমি ৰাইজৰ ওচৰলৈ যাম ৷”
পাঁচটা সমষ্টিৰ ভিতৰত দুটা সমষ্টিত প্ৰাৰ্থীত্ব দিয়া AIUDFয়ে পিছে ভৱানীপুৰ সমষ্টিটো পুনৰ নিজৰ দখললৈ আনিব পাৰিবনে নাই, তাকলৈ সন্দিহান ৷ কিন্তু ভোটৰ অংকত গোসাঁইগাঁও সমষ্টিটোতহে অধিক গুৰুত্ব দিছে AIUDFয়ে ৷
ইপিনে সততে AIUDFৰ বিধায়কসকলে অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ থাকে ৷ বৃহস্পতিবাৰেও বিধায়ক কৰিম উদ্দিন বৰভূঞাই অখিলক BJPৰ হৈ কাম কৰি অহা বুলি পুনৰ দাবী কৰে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|